Rupaliparda.com
হিন্দীৰ বাবে নাকচ হৈও কৰিছিল চেষ্টাঃ বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অভিনেত্ৰী ৰিম্পীৰ জন্মদিন- 1

হিন্দীৰ বাবে নাকচ হৈও কৰিছিল চেষ্টাঃ বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অভিনেত্ৰী ৰিম্পীৰ জন্মদিন-

অসমীয়া ছবিৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গৈ অসমৰ নাম উজ্বলোৱা এগৰাকী অভিনেত্ৰী। তিনিচুকীয়াৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা মুম্বাইলৈ গৈ প্ৰায় লাখ লাখ দৰ্শকৰ হৃদয়ত বাস কৰা অভিনেত্ৰী ৰিম্পী দাসৰ জন্মদিন উদযাপন।

হিন্দীৰ বাবে নাকচ হৈও কৰিছিল চেষ্টাঃ বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অভিনেত্ৰী ৰিম্পীৰ জন্মদিন- 2


অসমীয়া “নন্দিনী” মেগাজিনত ফটো ওলোৱা পিছতেই অভিনেত্ৰী গৰাকীক লৈ লোৱা হৈছিল এখন অসমীয়া ছবি “মনত বিৰিণাৰ জুই” ৰ বাবে। ইয়াৰ পিছতে অভিনেত্ৰী গৰাকীয়ে প্ৰায় ৭খন ছবি, অসমীয়া কেইবাখনো ভিচিড তথা মিউজিক ভিডিঅ’ ত অভিনয় কৰে। ইয়াৰ উপৰিও তেওঁ কহিনুৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত হৈ পৰে।

হিন্দীৰ বাবে নাকচ হৈও কৰিছিল চেষ্টাঃ বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অভিনেত্ৰী ৰিম্পীৰ জন্মদিন- 3


অভিনয়ৰ আনুষ্ঠানিক শিক্ষা নথকা স্বত্বেও সুন্দৰ অভিনয়ৰ গৰাকী ৰিম্পী দাসৰ বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আছে বহু অনুৰাগী। এমাহ ফুৰিব যোৱাৰ মানসেৰে মুম্বাইলৈ গৈ লাভ কৰিছিল অভিনয়ৰ সুযোগ।

https://www.instagram.com/p/BeAFwNlAk0w/?utm_source=ig_web_copy_link
https://www.instagram.com/p/BZf0WfpgcEj/?utm_source=ig_web_copy_link


বিগ মেজিকৰ জনপ্ৰিয় ধাৰাবাহিক “আকবৰ বীৰবল” আছিল তেওঁৰ প্ৰথমখন হিন্দী ধাৰাবাহিক; য’ত তেওঁ অনাৰকলি চৰিত্ৰটো ৰূপায়ন কৰিছিল। ইয়াৰ পিছতেই তেওঁ “হাজিৰ জাৱাব বীৰবল”, চিয়া কে ৰাম”, “মহাকালি-অন্ত হি আৰম্ভ হে” ইত্যাদি জনপ্ৰিয় ধাৰাবাহিক কেইখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰে।

https://www.instagram.com/p/B3C8XI5gCbG/?utm_source=ig_web_copy_link


মোহময়ী অভিনেত্ৰী ৰিম্পীক তেওঁৰ ভাতৃ ও অভিনেতা গুঞ্জন ভৰদ্বাজেও চচিয়েল মিডিয়া যোগে জন্মদিনৰ শুভকামনা জনায়।

Add comment

Leave a Reply