পৰিচালক লৱ ৰঞ্জনৰ আহিবলগীয়া ছবিত কোন থাকিব, কোন নাথাকিব আদি কথাই প্ৰায় চৰ্চা লাভ কৰিছিল। বৰ্তমানেও এই চৰ্চাই নিত্য নতুন মূৰ লোৱা দেখিবলৈ পোৱা গৈছে। ছবিখনত অজয় দেৱগন তথা ৰণৱীৰ কাপুৰৰ লগত দীপিকা পাডুকনো থকাৰ কথা ওলাইছিল।

কিন্তু, #Metoo মুভমেন্টত পৰিচালক লৱ ৰঞ্জনৰ নামটোৱে প্ৰচাৰ লাভ কৰা ফলত দীপিকাই ছবিখনত কাম কৰিবলৈ নাকচ কৰিছিল বুলি শুনিবলৈ পোৱা গৈছিল যদিও এতিয়া ইয়াৰ সম্পূৰ্ণ ওলোটা খবৰহে শুনিবলৈ পোৱা গৈছে।

আছলতে, দীপিকাই ছবিখনত কাম কৰিব যদিও তেওঁ ৰণৱীৰৰ নহয়; অজয় দেৱগণৰহে নায়িকা হিচাপে অভিনয় কৰিব। ইয়াৰ লগতে আপোনালোকক জনাই থওঁ যে,উক্ত আহিবলগীয়া ছবিখনত অজয় দেৱগণে ৰণৱীৰৰ পিতৃৰ চৰিত্ৰ ৰূপায়ন কৰিব। গতিকে, ছবিখন আৰম্ভণিৰ পিছতহে গম পোৱা যাব কাৰ লগত কি সম্পৰ্কত অভিনয় কৰিব অজয়-দীপিকা-ৰণৱীৰে??
সংগৃহীতঃ https://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/in-luv-ranjan-next-deepika-padukone-will-star-opposite-ajay-devgn-and-not-ranbir-kapoor/articleshow/71406276.cms
Add comment