এজন ৩০ বছৰীয়া তপা পুৰুষৰ কাহিনীৰে আহি আছে “উজড়া চমন”। “প্যাৰ কা পঞ্চনামা” তথা “চনু কে টিট্টু কী চুইটী” ছবি দুখনত অভিনীত জনপ্ৰিয় অভিনেতা সনী সিঙক দেখিবলৈ পোৱা যাব এই ছবিখনৰ মূখ্য চৰিত্ৰত। ছবিখন “তপা” এজন যুৱকৰ বিবাহক লৈ থকা তেওঁৰ পৰিয়ালৰ চিন্তাবোৰৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছে।

চলিত বৰ্ষৰ ৮ নৱেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনত সনু সিঙৰ সৈতে দেখিবলৈ পোৱা যাব হিন্দী ধাৰাবাহিকত অভিনীত ঐশ্বৰ্য্য সখুজাক। উক্ত ছবিখনৰ জৰিয়তে ঐশ্বৰ্য্যই আৰম্ভ কৰিব নিজৰ বলীউড কেৰিয়াৰ। ইয়াৰ উপৰিও প্ৰযোজক অভিষেক পাঠকে উক্ত ছবিখনৰ যোগেদিয়ে পৰিচালনা আৰম্ভ কৰিছে।
ছবিখনত বহুল অংকত দৰ্শকে কমেডী উপভোগ কৰিব পাৰিব। “তপা” লোকক কেন্দ্ৰ কৰি নিৰ্মিত আন এখন আয়ূসমান খুৰানাৰ ছবি “বালা” ৰো কিছুদিন পূৰ্বে মুক্তি কৰি দিয়া হৈছিল ট্ৰেইলাৰ। কিন্তু “বালা” ৰ পূৰ্বে মুক্তি লাভ কৰিব “উজড়া চমন”।
Add comment