অভিনেতা এগৰাকী “জনপ্ৰিয়” অথবা সাধাৰণ জনৰ চকুত ধৰা দিয়াটো কোনোদিনেই সহজ নহয়। এটা চৰিত্ৰক মনোগ্ৰাহী কৰি তুলিবলৈ অভিনেতা গৰাকীয়ে কৰিবলগীয়া হয় কঠোৰ পৰিশ্ৰম।

তেনে এক কঠোৰ পৰিশ্ৰমৰ দিশে আগবাঢ়িছে অভিনেতা বিকি কৌশল। বিকিৰ আহিবলগীয়া ছবি “সৰদাৰ উধম সিং” ৰ বাবে অভিনেতা গৰাকীয়ে কৰিছে এই পৰিশ্ৰম। সৰদাৰ উধমৰ এই বায়’পিক খনত তেওঁৰ যৌৱন কালৰ সৈতে নিজক খাপ খুৱাবলৈ বিকি কৌশলে ৩ মাহত ১৩ কিলো নিজৰ ওজন কমাইছে।

পাঞ্জাৱী পৰিয়ালৰ সৈতে বিকি অন্তৰ্গত হোৱা ফলত অভিনেতা গৰাকীৰ বাবে এই ডাইট কষ্টকৰ আছিল যদিও তেওঁ নিষ্ঠাৰে এই কামত মনোনিৱেশ কৰে। উল্লেখ্য যে, উধম সিং ৰ এই চৰিত্ৰটোৰ বাবে বিকিক ২০ বছৰীয়া এজন কিশোৰৰ দৰেই দেখিব লাগিব।

অহা ২৫ দিনৰ বাবে তেওঁ অমৃতসৰলৈ গৈ ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব লগতে উধম সিং ৰ বাকী সময়ছোৱাৰ চৰিত্ৰ ৰূপায়ন কৰিবলৈ বিকিয়ে পুনৰ নিজৰ ওজন বৃদ্ধি কৰিব লাগিব। সুজিত সৰকাৰৰ পৰিচালনাত নিৰ্মিত হ’ব এই ছবিখন।
Add comment