২৪ ঘন্টা নৌহওঁতেই অসমীয়া এটা সংগীতে লাভ কৰিছে ৩ লাখতকৈ অধিক ভিউৱাৰছ লগতে ১হাজাৰতকৈ অধিক কমেন্ট। গীতটি অইন নহয়; সেইটো হৈছে বাবুৰ কন্ঠত “পেডেল মাৰি মাৰি ২.০”। “পেডেল মাৰি মাৰি” ৰ প্ৰথমটো সংস্কৰণ মুক্তিৰ ইমান দিন পিছতো জনপ্ৰিয় ৰাইজৰ মাজত। তাৰ পিছতেই ইয়াৰ “২.০” সংস্কৰণটোৱে এদিন সম্পূৰ্ণ হোৱাৰ আগেয়ে লাভ কৰিছে আকাশলংঘী জনপ্ৰিয়তা।


গীতটিৰ মাজে মাজে কিছু সংলাপৰো সংযোজন কৰা হৈছে। উল্লেখ্য যে, “পেডেল মাৰি মাৰি ২.০” ত উৎপল দাস তথা ৰিম্পী দাসৰ যুঁটিটোক বহুদিনৰ অন্তত দেখিবলৈ পোৱা গৈছে।
ইউটিউবৰ অসমীয়া জনপ্ৰিয় ভিডিঅ” ৰ ভিতৰত “তেলচুৰা” ক ধৰিব পৰা যায়। উক্ত ভিডিঅ’টোৰ “তেলচুৰা” আৰু “সাগৰিকা” কো বাবুৰ গীতটোত কিছু সময়ৰ বাবে দেখিবলৈ পোৱা গৈছে।
Add comment