Rupaliparda.com
পূজাত "চনাৰ ঝুমকা" ল'ব প্ৰিয়ংকা ভৰালীয়েঃ 1

পূজাত “চনাৰ ঝুমকা” ল’ব প্ৰিয়ংকা ভৰালীয়েঃ

অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী; যি গৰাকীৰ প্ৰত্যেকটো গীতেই বৰ্তমান জনপ্ৰিয়। ইটোৰ পিছত সিটো গীতৰ সৈতে তেওঁ এতিয়া ৰাজত্ব কৰে প্ৰায় প্ৰত্যেকগৰাকী দৰ্শকৰ হৃদয়ত। ২০০৯ বৰ্ষৰ অসমীয়া “জানমণি” ভিচিডি ত “কাহিলী পুৱাতে জান ঐ” গীতটিৰে অসমীয়া সংগীত জগতত খোজ দিয়া এই গৰাকী কন্ঠশিল্পীৰ অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া।

পূজাত "চনাৰ ঝুমকা" ল'ব প্ৰিয়ংকা ভৰালীয়েঃ 2


“টেক্সি গাড়ী”, “লুইতপৰীয়া গাভৰু” তথা “হেভি হেণ্ডচাম”, “চকু মেলি চোৱানা” “অকুৱা পকোৱা” কে ধৰি কেইবাটাও গীতত কন্ঠদান কৰা প্ৰিয়ংকা ভৰালীৰ প্ৰতিটো গানেই লাভ কৰে দৰ্শকৰ সঁহাৰি।

পূজাত "চনাৰ ঝুমকা" ল'ব প্ৰিয়ংকা ভৰালীয়েঃ 3


গতিকে, প্ৰিয়ংকাৰ অনুৰাগী সকললৈ সুখবৰ। এইবাৰ দূৰ্গা পূূজাৰ সময়ছোৱাতো আপোনালোকে শুনিব পাৰিব প্ৰিয়ংকাৰ কন্ঠত নতুন গীত “চনাৰ ঝুমকা”। গীতটিৰ ইতিমধ্যে টিজাৰ মুকলি কৰি দিয়া হৈছে। গীতটি লিখিছে প্ৰিয় চট্টোপধ্যায়ে লগতে ইয়াত সংগীত দিছে আকাশে। গীতটিত প্ৰিয়ংকাৰ লগতে অভিনয় কৰিছে প্ৰীয়ম পল্লৱীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.