Rupaliparda.com
এঞ্জেলিনাৰ মুখত হিন্দী সংলাপ প্ৰদান কৰিব ঐশ্বৰ্য্যইঃ 1

এঞ্জেলিনাৰ মুখত হিন্দী সংলাপ প্ৰদান কৰিব ঐশ্বৰ্য্যইঃ

কিছুদিন পূৰ্বে হলীউডৰ এনিমেটেড ছবি “ডা লায়ন কিং” ত মুফাসা তথা চিম্বাৰ চৰিত্ৰ দুটাত কন্ঠ প্ৰদান কৰিছিল কিং শ্বাহৰুখ খান তথা তেওঁৰ পুত্ৰ আৰিয়ন খানে। ঠিক তেনেদৰেই এইবাৰ হলীউডৰ জনপ্ৰিয় অভিনেত্ৰী এঞ্জেলিনা জলীৰ ছবি “মেলফিসেন্টঃ মিষ্টট্ৰেস অৱ ইভিল” ত এঞ্জেলিনাৰ চৰিত্ৰটোত হিন্দী সংলাপ দিছে ঐশ্বৰ্য্য ৰায় বচ্ছনে। অলপতে ছবিখনৰ মুক্তি পোৱা হিন্দী টিজাৰটিত ঐশ্বৰ্য্যক এঞ্জেলিনা সদৃশ “মেলফিসেন্ট” ৰ চৰিত্ৰত দেখিবলৈ পোৱা গৈছিল।

এঞ্জেলিনাৰ মুখত হিন্দী সংলাপ প্ৰদান কৰিব ঐশ্বৰ্য্যইঃ 2


ছবিখনৰ হিন্দী টিজাৰটোৰ পিছতেই ঐশ্বৰ্য্যৰ অনুৰাগী আৰু অধিক উৎসাহী হোৱা দেখিবলৈ পোৱা গৈছে। ঐশ্বৰ্য্যৰ ডাবিঙকো ইতিমধ্যে সঁহাৰি জনাইছে বহু দৰ্শকে। “মেলফিসেন্টঃ মিষ্টট্ৰেস অৱ ইভিল” শীৰ্ষক ছবিখন ইংৰাজী আৰু হিন্দী সংস্কৰণত চলিত মাহৰ ১৮ তাৰিখে মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.