Rupaliparda.com
চকুত কাজত; মুখত ক্ষোভঃ মুক্তি পালে "লক্ষ্মী বম্ব" ৰ পোষ্টাৰ- 1

চকুত কাজত; মুখত ক্ষোভঃ মুক্তি পালে “লক্ষ্মী বম্ব” ৰ পোষ্টাৰ-

নৱৰাত্ৰী তথা দূৰ্গা পূজাৰ এই উৎসৱমুখৰ পৰিৱেশৰ মাজতে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে মুকলি কৰিলে তেওঁৰ আহিবলগীয়া ছবি “লক্ষ্মী বম্ব” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ। চচিয়েল মিডিয়া যোগে অভিনেতা গৰাকীয়ে নিজেই পোষ্টাৰ খন দৰ্শকৰ মাজত উলিয়াই দূৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে; লগতে তেওঁ লিখে যে তেওঁ “লক্ষ্মী বম্ব” ত এনে এক চৰিত্ৰ ৰূপায়ন কৰিবলৈ গৈছে যাৰ বাবে তেওঁ উৎসাহী হোৱাৰ লগতে ভয়ো খাই আছে।

চকুত কাজত; মুখত ক্ষোভঃ মুক্তি পালে "লক্ষ্মী বম্ব" ৰ পোষ্টাৰ- 2


উক্ত ছবিখনৰ পোষ্টাৰ খনত অক্ষয় কুমাৰৰ লুকটোৰ জৰিয়তেই বুজিব পৰা গৈছে যে ছবিখনৰ কাহিনীভাগত অক্ষয়ৰ ক্ষোভ দৰ্শকে দেখিবলৈ পাব।


দক্ষিণৰ চুপাৰহিট ছবি “কঞ্চনা” ৰ চিকুৱেল হৈছে “লক্ষ্মী বম্ব”; য’ত অক্ষয় কুমাৰক এটা কিন্নড় ভূতৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব। আগন্তুক বৰ্ষৰ ৫ জুন তাৰিখে মুক্তি প্ৰাপ্ত ছবিখনৰ পৰিচালনা কৰিছে ৰাঘৱ লৰেন্সে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform