Rupaliparda.com
আশা কৰা মতে নহ'ল "সাই ৰা নৰসিম্হা ৰেড্ডী" ৰ ফলাফলঃ 1

আশা কৰা মতে নহ’ল “সাই ৰা নৰসিম্হা ৰেড্ডী” ৰ ফলাফলঃ

দক্ষিণৰ হেভি বাজেটক লৈ নিৰ্মিত ছবিসমূহৰ তালিকাত অন্তৰ্ভূক্ত আন এখন ছবি “সাই ৰা নৰসিম্হা ৰেড্ডী” য়ে অলপতে মুক্তি লাভ কৰিছে। ছবিখনৰ পোষ্টাৰ তথা ট্ৰেইলাৰ মুক্তিৰ পিছতেই দৰ্শকৰ মাজত এক উৎসাহৰ সৃষ্টি হৈছিল কিন্তু এই উৎসাহৰ তুলনাত ছবিখনে লাভ নকৰিলে ভাল বক্স অফিচ কালেকছন।

আশা কৰা মতে নহ'ল "সাই ৰা নৰসিম্হা ৰেড্ডী" ৰ ফলাফলঃ 2


ছবিখনৰ তেলেগু আৰু হিন্দী সংস্কৰণটোৱে প্ৰথমটো দিনতে ২.৫০ কোটি টকা লাভ কৰিছিল যদিও বস্ক অফিচ ইণ্ডিয়াৰ মতে, মুম্বাইত ছবিখনৰ তেলেগু সংস্কৰণটোৱে একমাত্ৰ চিৰঞ্জীৱীৰ কাৰণেহে ভাল টকা লাভ কৰিছে। উল্লেখযোগ্য যে, উক্ত ছবিখন নিৰ্মাণত প্ৰায় ২০০ কোটি টকা ব্যয় হৈছিল।

আশা কৰা মতে নহ'ল "সাই ৰা নৰসিম্হা ৰেড্ডী" ৰ ফলাফলঃ 3
আশা কৰা মতে নহ'ল "সাই ৰা নৰসিম্হা ৰেড্ডী" ৰ ফলাফলঃ 4


চিৰঞ্জীৱীৰ লগতে ছবিখনত কেইবাগৰাকীও বলীউডৰ তাৰকা অভিনয় কৰে। অমিতাভ বচ্ছন, নয়নতাৰা, সুদীপ কিচ্ছা, তমন্না ভাটিয়া, ৰবি কিশন আদি শিল্পীক ছবিখনত কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব পৰা দেখিবলৈ পোৱা গৈছে। ছবিখন ইতিহাসৰ ১৮৫৭ চনৰ এক সঁচা ঘটনাৰ ওপৰত আধাৰিত; য’ত ৰাষ্ট্ৰীয় আন্দোলনৰ দহ বছৰ পূৰ্বে নৰসিম্হা ৰেড্ডীয়ে ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ বিট্ৰিছৰ বিৰুদ্ধে লগা যুদ্ধৰ কাহিনীক উপস্থাপন কৰা হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.