Rupaliparda.com
শ্বুটিঙৰ মাজতেই নিৰ্ধাৰণ কৰিছিল বিবাহৰ বস্তুঃ 1

শ্বুটিঙৰ মাজতেই নিৰ্ধাৰণ কৰিছিল বিবাহৰ বস্তুঃ

অহা ১১ অক্টোবৰত মুক্তি পাবলগীয়া ছবি “ডা স্কাই ইজ পিংক” ৰ প্ৰচাৰত ব্যস্ত হৈ আছে বি-টাউনৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। এই প্ৰচাৰৰ মাজতেই এক সাক্ষাৎকাৰ যোগে অভিনেত্ৰী গৰাকীয়ে জনায় নিজ বিবাহৰ কিছু মধুৰ ক্ষণৰ কথা। অভিনেত্ৰী গৰাকী বিবাহ “ডা স্কাই ইজ পিংক” ছবিখনৰ শ্বুটিং চলি থকা সময়ছোৱাতে সম্পন্ন হৈছিল।

শ্বুটিঙৰ মাজতেই নিৰ্ধাৰণ কৰিছিল বিবাহৰ বস্তুঃ 2
শ্বুটিঙৰ মাজতেই নিৰ্ধাৰণ কৰিছিল বিবাহৰ বস্তুঃ 3


বিয়াৰ প্ৰায় ২০ দিন পূৰ্বে নিক জোনাস আহিছিল আৰু তেওঁ তথা মাতৃয়ে মিলি বিয়াৰ সম্পূৰ্ণ দায়িত্বভাৰ লৈছিল। প্ৰিয়ংকাই কেৱল বস্তুবোৰৰ শেষ সিদ্ধান্তটোহে দিছিল। অভিনেত্ৰী গৰাকীয়ে কয় যে, “মোক ছবিখনৰ গোটেই টীমটোৱেই বহুত সহায় কৰিছিল। প্ৰযোজকে শ্বুটিং চেটত মোৰ বাবে এটা নিৰ্দ্দিষ্ট কোঠা বনাই দিছিল য’ত মোক বিয়াৰ সময়ছোৱাত লগ কৰিবলৈ অহা লোকবোৰ বহিব পাৰে আৰু শ্বুটিঙৰ মাজে মাজে গৈ মই তেওঁলোকক লগ কৰি বস্তুবোৰৰ সিদ্ধান্ত লৈছিলো”।

শ্বুটিঙৰ মাজতেই নিৰ্ধাৰণ কৰিছিল বিবাহৰ বস্তুঃ 4


উল্লেখ্য যে, উক্ত ছবিখনৰ যোগেদি প্ৰিয়ংকা চোপ্ৰা প্ৰায় ৩ বছৰৰ বিৰতিৰ পিছত বলীউডলৈ উভতিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.