Rupaliparda.com
"জাপে দিম দিচাং ত" শীৰ্ষক গীতটিৰ আঁৰৰ কন্ঠশিল্পী গৰাকীঃ ব্যস্ততাৰে উদযাপন কৰিব দূৰ্গা পূূজা- 1

“জাপে দিম দিচাং ত” শীৰ্ষক গীতটিৰ আঁৰৰ কন্ঠশিল্পী গৰাকীঃ ব্যস্ততাৰে উদযাপন কৰিব দূৰ্গা পূূজা-

যোৰহাটৰ এজন যুৱক; বৰ্তমান যোৰহাটৰে নহয় সমগ্ৰ অসমৰে জনপ্ৰিয় এগৰাকী কন্ঠশিল্পী। “পাহি” এলবামটিৰ সৈতে ৰাইজৰ সমুখলৈ অহা এইগৰাকী শিল্পীয়ে পিছলৈ “জাপে দিম দিচাং ত” শীৰ্ষক গীতটিৰ জৰিয়তে দৰ্শকৰ হৃদয়ত বাস কৰিবলৈ সক্ষম হৈ পৰিছিল। বৰ্তমান সময়ত মন্টুমণি শইকীয়াৰ অনুৰাগীৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া।

"জাপে দিম দিচাং ত" শীৰ্ষক গীতটিৰ আঁৰৰ কন্ঠশিল্পী গৰাকীঃ ব্যস্ততাৰে উদযাপন কৰিব দূৰ্গা পূূজা- 2


“ছেলফী লে লে” শীৰ্ষক সংগীতটিৰ বিষয়ে আপোনালোকক নক’লেও হয়টো বুজি উঠিব ইয়াৰ জনপ্ৰিয়তা। ৰূপালী পৰ্দাৰ সৈতে হোৱা চমু কথা বতৰাত তেওঁৰ দূৰ্গা পূজাৰ প্ৰস্তুতিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কৈছিল যে-
“পূজাৰ তিনিওটা অৰ্থাৎ অষ্টমী, নৱমী, দশমী মই ব্যস্ত। তিনিওটা দিনেই প্ৰগ্ৰেম মোৰ আছলতে; গতিকে পূজা কৰ্মৰ যোগেৰে পাৰ কৰিলেও তেনেকৈয়ে স্ফূৰ্তি কৰিম।”

"জাপে দিম দিচাং ত" শীৰ্ষক গীতটিৰ আঁৰৰ কন্ঠশিল্পী গৰাকীঃ ব্যস্ততাৰে উদযাপন কৰিব দূৰ্গা পূূজা- 3

শিল্পী গৰাকীৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচৰাত তেওঁ জনাইছিল যে,
” পূজাৰ পিছতেই মোৰ গান দুটা মুক্তি পোৱাৰ কথা আছে; এটা হৈছে “লৈ যোৱা”। গীতটিৰ লিখক হৈছে পলাশ সূৰ্য্য গগৈ আৰু ইয়াত সংগীত দিছে মুম্বাইস্থিত পল্লৱ তালুকদাৰে। গীতটিত সুৰ হৈছে প্ৰণৱ বৰুৱাৰ। ইয়াৰ লগতে অইন এটা গীত হৈছে “জোনাকী বাটেৰে”; গীতটি লিখিছে মৃত্যুঞ্জয় কাকতিয়ে আৰু ইয়াত সংগীত দিছে ধ্ৰুপ ঠাকুৰীয়াই।

"জাপে দিম দিচাং ত" শীৰ্ষক গীতটিৰ আঁৰৰ কন্ঠশিল্পী গৰাকীঃ ব্যস্ততাৰে উদযাপন কৰিব দূৰ্গা পূূজা- 4

লগতে আগন্তুক বিহুৰ বাবেও কিছুমান কাম চলি আছে। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত হয়টো গীতকেইটাই ৰাইজৰ কাষ চাপিব।”


গতিকে, মন্টুমণিৰ অনুৰাগী সকলো যদি ৰৈছে তেওঁৰ কন্ঠৰ গীতৰ বাবে; তেনেহ’লে পূজাৰ পিছতেই আপোনালোকে শুনিবলৈ পাব তেওঁৰ কন্ঠৰ নতুন গীত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.