২০১৩ বৰ্ষৰ “আছামচ বেষ্ট মেলডী ভইছ এৱাৰ্ড” ৰ বিজয়ী নীলিম নয়নাৰ কন্ঠৰ “হাই ঐ মোৰ বুকুতে” শীৰ্ষক গীতটিৰ ইতিমধ্যে মুকলি কৰা হৈছে ভিডিঅ’। প্ৰায় দুমাহ আগতেই মুক্তি পোৱা গীতটিৰ অডিঅ’টিয়ে পূৰ্বতেই দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈ পৰিছিল।

অলপতে মুক্তিপ্ৰাপ্ত গীতটিৰ ভিডিঅ’টিয়ে ২৪ ঘণ্টা পূৰ্ণ হোৱাৰ পূৰ্বেই লাভ কৰিছে ৭ হাজাৰতকৈ অধিক ভিউৱাৰছ। “হাই ঐ মোৰ বুকুতে” শীৰ্ষক গীতটিত অভিনয় কৰিছে অসমীয়া মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই। গীতটিৰ ভিডিঅ’ পৰিচালনা অসীম গগৈৰ। তলত গীতটিৰ ভিডিঅ’ আপোনালোকলৈ আগবঢ়ৌৱা হৈছেঃ
Add comment