Rupaliparda.com
উগ্ৰপন্থীৰ দপদপনিৰ কাহিনীৰে নিৰ্মিত "জাতিংগা ইত্যাদি"- 1

উগ্ৰপন্থীৰ দপদপনিৰ কাহিনীৰে নিৰ্মিত “জাতিংগা ইত্যাদি”-

২০০৭ চনত উগ্ৰপন্থীৰ কাহিনীক কেন্দ্ৰ কৰি মুক্তিপ্ৰাপ্ত এখন ছবি হৈছে “জাতিংগা ইত্যাদি”। সঞ্জীৱ সভাপণ্ডিতৰ পৰিচালনা তথা চিত্ৰনাট্য- কাহিনীৰে ৰচিত আৰু ৰুচিৰা আৰ্টছৰ বেনাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছিল


ককাকৰ কবৰস্থানৰ সন্ধানত এহাল ইংৰাজী দম্পতী অসমলৈ আহে যদিও বিদেশত নিজৰ স্থিতি মজবুত কৰিবলৈ এটা উগ্ৰপন্থীৰ দলে তেওঁলোকক অপহৰণ কৰে। কিন্তু, যিহেতু দম্পতী হালে ইংৰাজীত ভাৱ বিনিময় কৰে; ফলত উগ্ৰপন্থীৰ দলটোৱে তেওঁলোকৰ সৈতে কোনো ধৰণৰ কথা পাতিব নোৱাৰে আৰু সেইবাবেই তেওঁলোকে এজন শিক্ষিত তথা নিবনুৱা যুৱক মানৱক দলটোৰ সৈতে অন্তৰ্ভূক্ত কৰি লয়।

উগ্ৰপন্থীৰ দপদপনিৰ কাহিনীৰে নিৰ্মিত "জাতিংগা ইত্যাদি"- 2


মানৱে কিছুদিন যোৱা পিছতেই যেতিয়া উগ্ৰপন্থী দলটোৰ তথাকথিত “আন্দোলন” ৰ বিষয়ে গম পাই তেতিয়া সি দম্পতী হালক পলাই যোৱাত সহায় কৰে। এনে পৰিপ্ৰেক্ষিততে হোৱা গুলীয়া গুলীত মানৱৰ সৈতে কেইবাগৰাকীও উগ্ৰপন্থী দলটোৰ সদস্য নিহত হয়। এয়াই হৈছে “জাতিংগা ইত্যাদি” ৰ কাহিনীভাগ।


উক্ত ছবিখনত অভিনয় কৰিছে, বিষ্ণু খাৰঘৰীয়া,বিনা পাটংগীয়া,সৌৰভ হাজৰিকা,মল্লিকা শৰ্মা,অনুপ হাজৰিকা, লখী বৰঠাকুৰ, টনি ৰিচমণ্ড, জেমছ পেৰী, ছাৰা বাগডেন, কুণ্টল গোস্বামী, গৰিমা পাটোৱাৰী, বাহাৰুল ইছলাম, বিনয় ডেকা, অমিতাভ ৰাজখোৱা আৰু অৰুণ হাজৰিকাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform