বলীউডৰ ন-বিবাহিত বহুকেইটা যুঁটিয়ে প্ৰথমটো দীপাৱলী পালন কৰাৰ লগতে জলীউডতো এনে ন-বিবাহিত যুঁটি আছে; যিয়ে বিবাহৰ পিছত প্ৰথমবাৰৰ বাবে একেলগে উদযাপন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী।

অসমীয়া ভি.চি.ডি তথা চিনেমা আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয় জিনা “জানমণি” খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই চলিত মাহৰ ১০ তাৰিখে বিবাহপাশত আবদ্ধ হৈছিল। ভাৰতীয় নৌ-সেনাত কৰ্মৰত সুপ্ৰতীম দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল শ্যামন্তিকা।

প্ৰথমটো দীপাৱলীৰ লগতে বিবাহিত যুঁটিটোৰ প্ৰথমটো উৎসৱে এতিয়া আনন্দিত কৰিছে দুয়োকে। অভিনেত্ৰী গৰাকীয়ে নিজ ইনষ্টাগ্ৰামত স্বামীৰ সৈতে কিছু ফটো আপলোড কৰি দীপাৱলীৰ শুভকামনা জনাই যদিও পিছলৈ ফটোসমূহ অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰি দিয়ে।


Add comment