Rupaliparda.com
বিহাৰৰ বানপীড়িতক ১কোটি টকাৰ দান অভিনেতা অক্ষয়ৰঃ 1

বিহাৰৰ বানপীড়িতক ১কোটি টকাৰ দান অভিনেতা অক্ষয়ৰঃ

অক্ষয় কুমাৰ এনে এগৰাকী অভিনেতা; যিয়ে সাধাৰণজন অসুবিধাত পৰিলে সদায় তেওঁলোকক সহায়ৰ হাত আগবঢ়ায়। চলিত বৰ্ষতে অসমত হোৱা বানপানীৰ ফলত বানপীড়িত সকলক সহায়ৰ অৰ্থে তেওঁ আগবঢ়াইছিল ২ কোটিকৈ টকা।

বিহাৰৰ বানপীড়িতক ১কোটি টকাৰ দান অভিনেতা অক্ষয়ৰঃ 2


ঠিক তেনেদৰেই বিহাৰত যোৱা কেইবাদিনৰ পৰা ধৰি হোৱা বানত আক্ৰান্ত সকলক সহায়ৰ বাবে অভিনেতা গৰাকীয়ে দান কৰে প্ৰায় ১ কোটি টকা। উক্ত টকাখিনিৰে প্ৰায় ২৫ টা পৰিয়ালৰ সহায় হ’ব। ইয়াৰ লগতে, অক্ষয় কুমাৰে ছঠ পূজা উপলক্ষে এই পৰিয়াল সমূহক ৪ লাখকৈ টকা মাননীৰূপে আগবঢ়াব।

বিহাৰৰ বানপীড়িতক ১কোটি টকাৰ দান অভিনেতা অক্ষয়ৰঃ 3


অভিনেতা গৰাকীয়ে কয় যে, “এই প্ৰাকৃতিক দূৰ্যোগ সমূহে আমাক অনুভৱ কৰাই যে আমি তেওঁলোকৰ আগত একোৱে নহয়। এনে সময়ত ইয়াৰ বশৱৰ্তী লোকক সহায় কৰাতকৈ আন আৰু একো হ’ব নোৱাৰে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.