Rupaliparda.com
ৰত্নাকৰ, কাঞ্চনজংঘাৰ ৰেকৰ্ড ভাঙিবলৈ প্ৰস্তুত অসমীয়া ছবিঃ "প্ৰতিঘাত"- 1

ৰত্নাকৰ, কাঞ্চনজংঘাৰ ৰেকৰ্ড ভাঙিবলৈ প্ৰস্তুত অসমীয়া ছবিঃ “প্ৰতিঘাত”-

দীৰ্ঘদিনৰ পৰাই চলচিত্ৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা অসম সন্তান অচিন্ত শংকৰৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছে এখন অসমীয়া ছবি “প্ৰতিঘাত”। যোৱা ২৯ অক্টোবৰ তাৰিখে গুৱাহাটী স্থিত শ্ৰদ্ধাঞ্জলী কাননত আনুষ্ঠানিকভাৱে ছবিখনৰ পোষ্টাৰ, টিজাৰ আৰু সংগীত মুকলি সভাৰ আয়োজন কৰা হয়।

https://www.instagram.com/p/B4NfvoOBdO1/?utm_source=ig_web_copy_link


নাৰী সৱলীকৰণৰ কাহিনীৰে নিৰ্মিত এই ছবিখনক শুভেচ্ছা জনোৱাৰ লগতে আশীবাৰ্দ দিবলৈ অভিনেত্ৰী মঞ্জুলা বৰুৱাকে ধৰি চলচিত্ৰ নিৰ্মাতা মঞ্জু বৰা, মৃদুল গুপ্তা, সঞ্জীৱ হাজৰিকা, ৰতন শীল শৰ্মা, মনি সিনহা, সংগীত পৰিচালক পুলক বেনাৰ্জী, জনপ্ৰিয় অভিনেতা যতীন বৰুৱা, জুবিনৰ পত্নী ও প্ৰযোজক গৰিমা শইকীয়া গাৰ্গ তথা গায়ক দীক্ষু তথা গায়িকা গীতালী আদি কেইবাগৰাকীও অসমৰ জনপ্ৰিয় শিল্পীৰ লগতে উপস্থিত থাকে সংবাদ মাধ্যমৰ সৈতে জড়িত বিশিষ্ট সাংবাদিকো।


চলিত বৰ্ষৰ ৬ ডিচেম্বৰ তাৰিখে মুক্তি হ’বলগীয়া “প্ৰতিঘাত” ক লৈ অনুষ্ঠানখনত উপস্থিত প্ৰত্যেকজন অসমীয়া কলা-কুশলীৰ লগতে সাধাৰণ ৰাইজ আশাবাদী। নৱেম্বৰ মাহৰ ১৫ তাৰিখৰ পৰাই সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ “প্ৰতিঘাত” ৰ প্ৰচাৰ আৰম্ভ কৰিব ছবিখনৰ কলা-কুশলীয়ে।

ছবিখনৰ সংগীতত কন্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, দিগন্ত ভাৰতী, পৰাণ বৰকটকী আৰু ৰাহুল বৰকটকীয়ে। ছবিখনৰ প্ৰযোজক হৈছে নৰেন্দ্ৰ এন সিনহা আৰু নলিনী ৰয় গয়াৰী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform