Rupaliparda.com
আকৌ এমাহ থাকিব লাগিব বিচনাত অভিনেতা নিপন গোস্বামীঃ আকৌ অভিনয় কৰাৰ আশ্বাস দিলে অভিনেতা গৰাকীয়ে- 1

আকৌ এমাহ থাকিব লাগিব বিচনাত অভিনেতা নিপন গোস্বামীঃ আকৌ অভিনয় কৰাৰ আশ্বাস দিলে অভিনেতা গৰাকীয়ে-

প্ৰায় ১০০ খন ছবিৰ লগতে ৫০ খন চুটি ছবি আৰু কেইবাখনো অসমীয়া ধাৰাবাহিকত অভিনীত অসমীয়া চলচিত্ৰ জগতৰ এটা তিৰবিৰাই থকা নক্ষত্ৰ অৰ্থাৎ এগৰাকী বিশিষ্ট অভিনেতা নিপন গোস্বামী। বিগত ২৪-২৫ দিন ধৰি গুৱাহাটী স্থিত জি.এন.আৰ.চিত চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকী।

আকৌ এমাহ থাকিব লাগিব বিচনাত অভিনেতা নিপন গোস্বামীঃ আকৌ অভিনয় কৰাৰ আশ্বাস দিলে অভিনেতা গৰাকীয়ে- 2
আকৌ এমাহ থাকিব লাগিব বিচনাত অভিনেতা নিপন গোস্বামীঃ আকৌ অভিনয় কৰাৰ আশ্বাস দিলে অভিনেতা গৰাকীয়ে- 3


ক্ৰমশঃ সুস্থ হৈ আহিছে যদিও আগন্তুক এমাহ বিচনাতেই জিৰাব লাগিব অভিনেতা গৰাকী। অসুস্থ হৈ থকা স্বত্বেও ৰূপালী পৰ্দাৰ সৈতে অভিনেতা গৰাকীয়ে পাতিছিল কিছু কথা। চাওঁচোন আহকঃ


অভিনেতা গৰাকীয়ে বৰ্তমানৰ চৰকাৰ খনক লৈও অসন্তুষ্টি প্ৰকাশ কৰে। কেইবাদিন ধৰিও চিকিৎসাধীন হৈ আছিল যদিও এই জ্যেষ্ঠ অভিনেতাগৰাকীৰ কাষ চপা নাই কোনো মন্ত্ৰী তথা বিধায়ক লগতে তেওঁ লাভ কৰা নাই কোনো ধৰণৰ চৰকাৰী সাহাৰ্য্য।

আকৌ এমাহ থাকিব লাগিব বিচনাত অভিনেতা নিপন গোস্বামীঃ আকৌ অভিনয় কৰাৰ আশ্বাস দিলে অভিনেতা গৰাকীয়ে- 4


অসমীয়া চলচিত্ৰক এক উচ্চ স্থানত ৰাখিবলৈ অভিনেতাগৰাকীয়ে প্ৰথমৰ পৰাই কৰিছে অপাৰ কষ্ট। ড° বেজবৰুৱা ছবিখনৰ পৰা চুপাৰষ্টাৰৰ শাৰীত থিয় হোৱা এই গৰাকী অভিনেতাক কিয় চৰকাৰে পিঠি দেখুৱাইছে?? কিয় জ্যেষ্ঠ তথা অসমীয়া চলচিত্ৰ জগতৰ নক্ষত্ৰ গৰাকীক অমান্য কৰা হৈছে??সেয়া মাত্ৰ এক প্ৰশ্ন হৈ ৰৈছে।

Add comment

Leave a Reply