মুক্তিৰ পূৰ্বেই অসমৰ দৰ্শককে ধৰি বলীউডৰ পৰিচালক অনুৰাগ কাশ্যপক মুহিবলৈ সক্ষম হৈ পৰা অসমীয়া চিনেমা “আমিষ” ৰ ৰাজহুৱা দৰ্শনী অনুষ্ঠিত কৰা হ’ব। তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে অসমত “আমিষ” ক প্ৰদৰ্শিত কৰা হ’ব।


২ নৱেম্বৰৰ বিয়লি ৩.৩০ বজাত কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ছবিখনৰ প্ৰিমিয়াৰ কৰা হ’ব। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শিত হয় প্ৰশংসা বুটলি অনা “আমিষ” ছবিখন ঘৰুৱা দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ’ব চলিত মাহৰ ২২ নৱেম্বৰ তাৰিখে। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰটোৱে মুক্তি লাভ কৰিছে। গুৱাহাটীৰ বিভিন্ন লোকেশ্বনত দৃশ্যগ্ৰহণৰ কাম চলা ছবিখনত অভিনয় কৰিছে নিতালী দাস, সাগৰ সৌৰভ আৰু মানস কুমাৰ দাসে।
Add comment