Rupaliparda.com
প্ৰশান্ত ঘোষৰ দ্বাৰা আয়োজিত বৃহত্তম ফেশ্বন শ্ব' 1

প্ৰশান্ত ঘোষৰ দ্বাৰা আয়োজিত বৃহত্তম ফেশ্বন শ্ব’

আৰম্ভ হ’ব এইটো বৰ্ষৰ “নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক” চমুকৈ “NEIFW” ৰ পঞ্চমটো সংস্কৰণ। চলিত মাহৰ ১০ তাৰিখে গুৱাহাটী খানাপাৰা স্থিত লিলি হোটেলত দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ অনুষ্ঠিত হ’ব এই ফেশ্বন শ্ব’টিৰ বাবে অ’ডিশ্বন।

প্ৰশান্ত ঘোষৰ দ্বাৰা আয়োজিত বৃহত্তম ফেশ্বন শ্ব' 2


ল’ৰা-ছোৱালীকে ধৰি শিশু তথা বিবাহিত মহিলা লগতে জুৱেলাৰী ডিজাইনাৰ,ফেশ্বন ডিজাইনাৰ আৰু এক্সেচৰী ডিজাইনাৰেও অংশগ্ৰহণ কৰিব পাৰিব নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইকত।


বিগত ২০১৮ বৰ্ষত অনুষ্ঠিত উক্ত ফেশ্বন উইকটোত বলীউড ডিজাইনাৰ Kern Ferns ৰ বিভিন্ন ডিজাইন দৰ্শকৰ মাজত দাঙি ধৰা হৈছিল। চাওঁ আহক ইয়াৰ এক ভিডিঅ’-


জনপ্ৰিয় ডিজাইনাৰ প্ৰশান্ত ঘোষৰ দ্বাৰা আয়োজিত নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইকটোত অংশগ্ৰহণৰ বাবে আপুনি ফোন অথবা মেছেজ কৰিব পাৰে ৯৭০৬০০১২২০ নম্বৰত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.