অচিন্ত শংকৰৰ পৰিচালনাত নিৰ্মিত অসমীয়া ছবি “প্ৰতিঘাত”-এ মুক্তিৰ পূৰ্বেই জনসাধাৰণৰ হৃদয়ত এক উৎসাহৰ সৃষ্টি কৰিছে। ছবিখনৰ কেইবাখনো পোষ্টাৰ লগতে কিছুদিন পূৰ্বে মুক্তি পাইছিল ছবিখনত সন্নিৱিষ্ট অংগৰাগ পাপন মহন্তৰ কন্ঠত “বেচেৰা এই মন” শীৰ্ষক গীতটি।

ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ছবিখনৰ ট্ৰেইলাৰো। পোষ্টাৰ,সংগীতৰ দৰেই সমাদৰ লাভ কৰিছে “প্ৰতিঘাত” ৰ ট্ৰেইলাৰেও। নাৰী সৱলীকৰণৰ কাহিনীৰে নিৰ্মিত এই ছবিখনত দেখিবলৈ পোৱা যাব কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক। সেইকেইজন হ’ল ক্ৰমে অমৃতা গগৈ, দিগন্ত হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, সিদ্ধাৰ্থ শৰ্মা, দেৱজিৎ মজুমদাৰ, পদ্মৰাগ গোস্বামী, অচিন্ত শৰ্মা, জলী লস্কৰ আৰু আশ্ৰামিকা শইকীয়াই। ডিচেম্বৰৰ ৬ তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব দমদাৰ কাহিনী আৰু অভিনয়েৰে অসমীয়া ছবি “প্ৰতিঘাত”।
Add comment