Rupaliparda.com
"গৰু" ৱে ৰূপায়ন কৰিব মূখ্য চৰিত্ৰঃ আকৌ এবাৰ ব্যতিক্ৰমী চিন্তাৰে হিমাংশু প্ৰসাদ দাস- 1

“গৰু” ৱে ৰূপায়ন কৰিব মূখ্য চৰিত্ৰঃ আকৌ এবাৰ ব্যতিক্ৰমী চিন্তাৰে হিমাংশু প্ৰসাদ দাস-

এতিয়ালৈ আপোনালোকে এখন ছবিত নায়ক/ নায়িকাৰ বাহিৰেও এটা ঘৰচীয়া জন্তুক মূখ্য চৰিত্ৰত দেখিবলৈ পাম বুলি ভাবিছিল নে?? নিশ্চয় নাই ভবা; কাৰণ ই একেইবাৰে “গছত গৰু উঠা কথা”।

"গৰু" ৱে ৰূপায়ন কৰিব মূখ্য চৰিত্ৰঃ আকৌ এবাৰ ব্যতিক্ৰমী চিন্তাৰে হিমাংশু প্ৰসাদ দাস- 2


কিন্তু, এইবাৰ গছত “গৰু” উঠাই এই “গৰু” টোকেই মূখ্য চৰিত্ৰ হিচাপে লয় এখন ছবি প্ৰস্তুত কৰিছে অসমৰ জনপ্ৰিয় পৰিচালক হিমাংশু প্ৰসাদ দাসে। ইতিমধ্যে, ছবিখনে চচিয়েল মিডিয়াত নিজৰ এক ব্যতিক্ৰমী প্ৰচাৰ আৰম্ভ কৰিছে।

"গৰু" ৱে ৰূপায়ন কৰিব মূখ্য চৰিত্ৰঃ আকৌ এবাৰ ব্যতিক্ৰমী চিন্তাৰে হিমাংশু প্ৰসাদ দাস- 3


চাহজাহানৰ “গৰু” নামৰ উপন্যাস খনৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে মুক্তি লাভ কৰিব অহা বৰ্ষৰ প্ৰথমটো মাহতেই অৰ্থাৎ ২৪ জানুৱাৰী তাৰিখে। সদায় নিজৰ সৃষ্টিত নতুনত্ব অনা হিমাংশু প্ৰসাদ দাসৰ এই ছবিখনেই জনসাধাৰণক হাঁহিৰ খোঁৰাক যোগাব।

"গৰু" ৱে ৰূপায়ন কৰিব মূখ্য চৰিত্ৰঃ আকৌ এবাৰ ব্যতিক্ৰমী চিন্তাৰে হিমাংশু প্ৰসাদ দাস- 4


“গৰু” ছবিখনত সন্নিৱিষ্ট সংগীতত কন্ঠদান কৰিছে অংগৰাগ পাপন মহন্ত, দীক্ষু তথা নীল আকাশে। লগতে, ছবিখনৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে বাহাৰুল ইছলাম, অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, পাকিজা বেগম তথা চন্দন দাস, কমল লোচন আৰু লনিশ্ৰী দাসে। চিনেমাখনৰ আৱহ সংগীত অৰূপ জ্যোতি বৰুৱাৰ।

Add comment

Leave a Reply