Rupaliparda.com
"ৰাধে" ত দিশা পাটানীয়ে ৰূপায়ন কৰিব এক সৰু চৰিত্ৰঃ 1

“ৰাধে” ত দিশা পাটানীয়ে ৰূপায়ন কৰিব এক সৰু চৰিত্ৰঃ

পুনৰ বাৰ দিশা পাটানীক দেখিবলৈ পোৱা যাব ছলমান খানৰ সৈতে। ইতিমধ্যে “ভাৰত” ত দুয়ো শিল্পীকে একেলগে দেখিবলৈ পোৱা গৈছিল; আকৌ এবাৰ ছলমান খানৰ আহিবলগীয়া ছবি “ৰাধেঃ য়’ৰ মোষ্ট ওৱান্টেড ভাই” ত দৰ্শকে একেলগে দেখিবলৈ পাব ছলমান-দিশাক। কিন্তু এইবাৰো, উক্ত ছবিখনত থাকিব দিশাৰ এটা সৰুহে চৰিত্ৰ।

"ৰাধে" ত দিশা পাটানীয়ে ৰূপায়ন কৰিব এক সৰু চৰিত্ৰঃ 2


প্ৰভূদেৱাৰ নিৰ্দেশনাত নিৰ্মিত এই ছবিখনত ছলমান খানে এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰ ৰূপায়ন কৰিব আৰু আনহাতে নিগেটিভ চৰিত্ৰত থাকিব অভিনেতা ৰণদীপ হুড্ডা। এইবোৰৰ মাজতেই বৰ্তমান খবৰ পোৱা গৈছে যে ছবিখনত দিশাক এটা সৰু চৰিত্ৰৰ বাবেহে লোৱা হৈছে। ছবিখন চাইন কৰাৰ পূৰ্বেই অভিনেত্ৰী গৰাকীয়ে নিজ চৰিত্ৰটিৰ বিষয়ে জানিব পাৰিছিল।

"ৰাধে" ত দিশা পাটানীয়ে ৰূপায়ন কৰিব এক সৰু চৰিত্ৰঃ 3

ৰাধে” ছবিখন মুক্তি কৰিব লাভ অহা ২০২০ বৰ্ষটোত। উল্লেখ্য যে, ছলমানৰ এই ছবিখনৰ হয়টো মুখামুখি হ’ব অক্ষয় কুমাৰ আৰু কিয়াৰা আদৱানী অভিনীত “লক্ষ্মী বোম্ব” ৰ সৈতে।

Add comment

Leave a Reply