Rupaliparda.com
"বালা" ৰ নাম সন্ধানত লাগিছিল ৩০ দিনতকৈ অধিক সময়ঃ 1

“বালা” ৰ নাম সন্ধানত লাগিছিল ৩০ দিনতকৈ অধিক সময়ঃ

আয়ূসমান খুৰানাৰ আহিবলগীয়া ছবি “বালা” ৰ বালা নামটো বিচৰাৰ বাবে সময় লাগিছিল প্ৰায় ৩০ টা দিনতকৈও অধিক। আয়ূসমান খুৰানাৰ লগতেই ছবিখনৰ কলা-কুশলীয়ে এটা সৰু অথচ আকৰ্ষণীয় নামৰ বিচাৰ কৰিছিল। তেওঁলোক সকলোৱে নামটো বিচাৰি পাইছিল যদিও ইয়াক বিচৰাত কিছু কঠিন হৈছিল।

"বালা" ৰ নাম সন্ধানত লাগিছিল ৩০ দিনতকৈ অধিক সময়ঃ 2


এক সাক্ষাৎকাৰ যোগে আয়ূসমান খুৰানাই কয় যে, “মই এনেই বহি থাকোতে এদিন মোৰ “বালা” নামটো মনলৈ আহিল আৰু মই লগে লগেই ছবিখনৰ নিৰ্মাতা দিনেশ বিজানক ফোন কৰি নামটো ক’লো।”

"বালা" ৰ নাম সন্ধানত লাগিছিল ৩০ দিনতকৈ অধিক সময়ঃ 3


আয়ূসমান খুৰানাৰ মুখৰ পৰা এই নামটো শুনাৰ লগে লগে তেওঁ নিজৰ হাঁহি ৰখাব পৰা নাছিল আৰু প্ৰায় কিছু সময়লৈ তেওঁ মাত্ৰ হাঁহি থাকিছিল। তেতিয়াই আয়ূসমান খুৰানাই ভাবিছিল যে দৰ্শকক দিবলৈ মই ভাল নাম এটা সন্ধান ইতিমধ্যে কৰিলো। ইয়াৰ পিছত “বালা” নামটো যিমান কেইজন লোককেই কৈছিল সকলোৱে একেই প্ৰতিক্ৰিয়া দিছিল।
চলিত মাহৰ ৭ নৱেম্বৰ তাৰিখে এই ছবিখনে মুক্তি লাভ কৰিব।

Add comment

Leave a Reply