ইখনৰ পিছত সিখন অসমীয়া ছবিৰ মুক্তিয়ে এতিয়া চলচিত্ৰ প্ৰেমীক উৎসাহী কৰি তুলিছে। হিমাংশু প্ৰসাদ দাসৰ “গৰু” য়ে হওঁক বা ভাস্কৰ হাজৰিকাৰ “আমিষ” -এ হওঁক; প্ৰায় প্ৰত্যেকখন ছবিয়ে মুক্তিৰ পূৰ্বেই আকৰ্ষিত কৰি তুলিছে দৰ্শকক।


এনে আগন্তুক ছবিসমূহৰ ভিতৰত নাম ল’ব পাৰি “প্ৰতিঘাত”ৰো। ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া এই ছবিখনে ইতিমধ্যে টিজাৰ, পোষ্টাৰ তথা গীতৰ মুক্তি কৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈ পৰিছে। “ছাকিৰা আহিব বকুলতলৰ বিহু লৈ”, “কাঞ্চনজংঘা”, “ৰত্নাকৰ” আদিৰ দৰেই এই ছবিখনে আৰম্ভ কৰিব অসমৰ ইমূৰৰ পৰা সিমূৰলৈ।
চলিত মাহৰ ৪ তাৰিখে এই ছবিখনৰ সমূহ কলা-কুশলী উপস্থিত হ’ব মিৰ্জা স্থিত ডি.কে গাৰ্লচ কলেজত দুপৰীয়া ১২ বজাত। “প্ৰতিঘাত” ৰ এই প্ৰথমটো প্ৰচাৰত সহযোগ কৰিবলৈ ছবিখনৰ মূখ্য চৰিত্ৰত অভিনীত অমৃতা গগৈয়ে সকলো দৰ্শকক আহ্বান জনাইছে। তাৰ পিছতেই তেওঁলোকক ডি.কে কলেজ তথা নেমকেয়াৰ গ্ৰুপ অৱ ইনষ্টিটিউচনতো নিজৰ প্ৰচাৰ চলাব।
Add comment