Rupaliparda.com
প্ৰেমৰ সেউজীয়া অনুভূতিৰেঃ "দূৰ"- 1

প্ৰেমৰ সেউজীয়া অনুভূতিৰেঃ “দূৰ”-

কংকনা ৰাজখোৱাৰ পৰিচালনা আৰু বিপ্লৱ জে. দলেৰ প্ৰযোজনাৰে ২০১৭ চনত ৰোমাণ্টিক চিনেমা “দূৰ”-এ মুক্তি লাভ কৰিছিল। প্ৰায় ৩০ লাখ টকা বাজেটেৰে নিৰ্মিত “দূৰ” চিনেমাখনে সম্প্ৰতি দেখা পোৱা এটা সম্পৰ্কৰ উঠা-নাম অথবা ভুল বুজা-বুজি সমূহ সামৰি ল’বলৈ চেষ্টা কৰিছে।

প্ৰেমৰ সেউজীয়া অনুভূতিৰেঃ "দূৰ"- 2


“মানৱ” আৰু “পূজা”; এই মূখ্য চৰিত্ৰৰ জীৱন কাহিনীৰে নিৰ্মিত কৰা হৈছে চিনেমাখন। ভালপোৱাৰ দ্বিতীয় পৰ্যায় বিবাহ। এই বৈবাহিক সম্পৰ্ক এটা সুচাৰুৰূপে চলাই নিবলৈ দুজন লোকৰ মনস্তাত্বিক অৱস্থা নাইবা বুজা-বুজিৰ সাধাৰণ সক্ষমতা থকাটো নিতান্তই প্ৰয়োজনীয়। “মানৱ” আৰু “পূজা” চৰিত্ৰ দুটাৰ মাজেৰে ইয়াকে প্ৰতিফলিত কৰা হৈছে বোলছবিখনৰ মাজেৰে।

প্ৰেমৰ সেউজীয়া অনুভূতিৰেঃ "দূৰ"- 3


“মানৱ” আৰু “পূজা” ৰ মাজত সাধাৰণ বুজাবুজি নথকাৰ বাবেই তেওঁলোকে এক ভয়ানক বাস্তৱৰ সন্মুখীন হ’বলগীয়া হৈছিল য’ত “পূজা” গৰ্ভৱতী হৈ থকা সময়তে “মানৱে” প্ৰাণ হেৰুৱাব লগাত পৰে। চিনেমাখনত এজন গায়কৰ সংগ্ৰামৰ আভাষ দিয়া হৈছে লগতে নিজ গৃহৰ পৰা উপেক্ষিত হোৱা বৃদ্ধৰ কাহিনীও একেলগে সন্নিৱিষ্ট কৰা হৈছে বোলছবিখনৰ মূখ্য কাহিনীভাগৰ লগত; যিয়ে বোলছবিখনক এক নতুন মূৰ দিয়া যেন অনুভৱ হয়। ইয়াৰ উপৰিও চিনেমাখনত সংযোজন কৰা হৈছে অন্য এক কাহিনী য’ত এজন প্ৰেমিকৰ পাগলমী ভালপোৱাই এজনী ছোৱালীক কিমান কঠোৰতম্ পৰিস্থিতিৰ মুখামুখি কৰাব পাৰে তাকে দেখুওৱা হৈছে।

প্ৰেমৰ সেউজীয়া অনুভূতিৰেঃ "দূৰ"- 4


অসমীয়া চিনেমা জগতৰ দুই বছৰ আগৰ অৱস্থাত “দূৰ”-এ বৰ বেছি প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। কিয়নো চিনেমাখনৰ কাহিনীভাগত কোনো ধৰণৰ নতুনত্ব নাছিল। ইয়াৰ লগতে চিনেমাখনৰ কিছু ক্ৰটি যেনেঃ খণ্ড সমূহৰ মাজৰ কিছু আকস্মিকতাই দৰ্শকক আমোদ দিয়াৰ সলনি ভ্ৰমিতহে কৰিছে।

প্ৰেমৰ সেউজীয়া অনুভূতিৰেঃ "দূৰ"- 5


বোলছবিখনৰ মূখ্য চৰিত্ৰত অভিনীত অমৃতা গগৈ আৰু উদয়ন দুৱৰা অভিনয় ধুনীয়া। প্ৰত্যেকটো বস্তু নিখুঁট ভাৱে উপস্হাপন কৰা প্ৰয়াস কৰিছে শিল্পীদ্বয়ে। চিনেমাখনত পুৰণি শিল্পী যেনে বিজু ফুকন, বিষ্ণু খাৰঘৰীয়া, প্ৰতিভা চৌধুৰীও অভিনয় কৰিছে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.