১৯৯৫ চনতে মুক্তি লাভ কৰা জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত “সাগৰলৈ বহু দূৰ” । ১০৬ মিনিট দৈৰ্ঘ্যৰ বোলছবিখনত আছে এজন নাৱৰীয়াৰ জীৱন-সংগ্ৰাম। দিহিং নদীৰ পাৰতেই নাওঁ চলাই জীৱন নিৰ্বাহ কৰা “পোৱাল” ৰ কাহিনীৰে উপস্থাপন কৰা হৈছে চিনেমাখন। নেমুগুৰি গাঁৱৰ নিবাসী “পোৱাল” ৰ কেইবাটাও প্ৰজন্মই গাঁৱৰ লোকক নৈ পাৰ কৰোৱাই আছিল তেওঁলোকৰ কৰ্ম।

পৰিচালক, প্ৰযোজক তথা লেখক জাহ্নু বৰুৱাৰ উক্ত বোলছবিখনত মূখ্য চৰিত্ৰ চাৰিটা। গাঁৱৰ নিঁভাজ সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ এখন জীৱন্ত ছবি ডাঙি ধৰা হৈছে চিনেমাখনত। এজন ককাকৰ নিজৰ লগত ৰখা নাতিয়েকৰ প্ৰতি যি মৰম-দায়বদ্ধতা তাৰ সুন্দৰ প্ৰকাশ ঘটিছে “বোলছবি” খনত। নাতি ল’ৰাৰ বাবে ৰাতিপুৱাই উঠি ভাত ৰন্ধা অথবা সি স্কুল যোৱা, তাৰ পঢ়া-শুনা আদিকে ধৰি সকলোবোৰ দায়িত্ব বহন কৰে “পোৱাল” অৰ্থাৎ ককাকে।

নাওঁখন আৰু বঁঠা ডালক লৈয়ে “পোৱাল” ৰ জীৱনৰ আশা-ভৰসা। নাওঁখনত আশাবোৰ উলমি আছে অথচ নাওঁ ন’হলে জীৱন শূণ্য। “পোৱাল” চৰিত্ৰটোত থকা বিষ্ণু খাৰঘৰীয়াৰ অভিনয় একেবাৰেই নিঁখুট। তেওঁৰ অভিনয়ে বোলছবিখনক বাৰুকৈয়ে এখন জীয়া ছবিত পৰিণত কৰিছে। চহৰলৈ যাবলৈ হ’লে নাইবা ইপাৰ-সিপাৰ হ’বলৈ গাওঁখনৰ প্ৰত্যেকজনেই নিৰ্ভৰ কৰিবলগীয়া হয় “পোৱাল” ক।

বোলছবি খনৰ অন্য এটা চৰিত্ৰ হৈছে “হেমেন্ত” অৰ্থাৎ পোৱালৰ পুত্ৰ। গুৱাহাটী মহানগৰীত আভিজাত্যৰ উদাহৰণেৰে বাস কৰা পুত্ৰই পিতৃক কৰা ব্যৱহাৰৰ দৃশ্যই দৰ্শকক আৱেগবিহ্বল কৰি তুলিবলৈ সক্ষম হৈছে। সামান্য এটা “চহী” ৰ বাবেই ৫ বছৰে খবৰ নোলোৱা পিতৃক দিয়া দুখ ৰ বহিঃপ্ৰকাশ ঘটিছে চিনেমাখনত। গাঁৱৰ সাধাৰণ এগৰাকী নাৱৰীয়াৰ মাটি লেপি থোৱা ঘৰ লগতে ঘৰৰ ভিতৰত নাতিয়েক “সুমণ” ৰ চিত্ৰকলাই পৰিৱেশ আৰু বেছি সুন্দৰ কৰি তুলিছে।

নেমুগুৰি গাঁৱৰ নৈ খনৰ ওপৰত দলং এখন হোৱা কেইবা বছৰীয়া পৰিকল্পনা অৱশেষত সফল হোৱাত “পোৱাল” ৰ দিক-বিদিক হেৰুৱা দৃশ্য কোনো শব্দ অবিহনেই ধুনীয়া। নিজৰ জীৱন -নিৰ্বাহৰ থল হেৰুৱাই কৰিবলৈ যোৱা ঋণাত্মক কৰ্মত নাতিয়েকৰ হাতত ধৰা পৰা আৰু তাৰ বাবে খোজা ক্ষমাপ্ৰাৰ্থনা ৰ এখন জীয়া ছবি প্ৰতিফলিত হৈছে বোলছবিখনত।

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত উক্ত বোলছবিখনত গাঁৱৰ প্ৰাকৃতিক দৃশ্য আৰু শ্ব’ট সমূহৰ নেপথ্যত বাজি ৰোৱা প্ৰাকৃতিক ধ্বনি যেনে নৈ ৰ কুলকুলনি , কুলি-কেতেকীৰ সুৰীয়া মাত আদিবোৰে বোলছবি সফল ৰূপত দাঙি ধৰাত আৰু অধিক অৰিহণা যোগাইছে।
Add comment