জুবিন, যতীনকে ধৰি অসমীয়া চলচিত্ৰ জগতৰ সৈতে জড়িত বিভিন্ন জনে অসমীয়া ছবিক এক গতি প্ৰদান কৰাৰ চেষ্টা কৰিছে। ঠায়ে ঠায়ে চলিছে এখন দুখনকৈ কেইবাখনো ছবিৰ প্ৰচাৰ। এইবাৰ পূৰ্ণগতিত নিজৰ প্ৰচাৰ আৰম্ভ কৰিছে পৰিচালক প্ৰণৱজ্যোতি ভৰালীৰ ছবি “ইপাৰ-সিপাৰ” ৰ কলা-কুশলীয়ে।


অসমৰ বিভিন্ন ঠাইলৈ গৈ প্ৰায় সকলো দৰ্শককে নিজ ছবিৰ প্ৰতি আকৰ্ষিত কৰাৰ পৰিকল্পনা কৰিছে এতিয়া পৰিচালক প্ৰণৱজ্যাতিয়ে। চলিত মাহৰ ১৫ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনক লৈ যথেষ্ট আশাবাদী হোৱাৰ লগতে দৰ্শকে ছবিখন উপভোগ কৰি আমনি নাপাব বুলিও ইতিমধ্যে পৰিচালক গৰাকীয়ে কৈছে।


কমেডী-ট্ৰেজেডী আদিৰ সম্পূৰ্ণ সমাৱেশ ঘটা উক্ত ছবিখন এখন গাঁৱক কেন্দ্ৰ কৰি নিৰ্মিত কৰা হৈছে। গাঁৱত অনুষ্ঠিত এখন ভাওঁনাত গাওঁবাসীৰ মাজত হোৱা ভুল বুজাবুজিক লৈয়ে ঘূৰিব চিনেমাখনৰ কাহিনীভাগ। ইয়াত অভিনয় কৰিছে অমৃতা গগৈ, উদয়ন দুৱৰা, পল ফুকন, ৰূপজ্যোতি, কাশ্মিৰী শইকীয়া আৰু প্ৰণৱ দত্তই।
Add comment