অসমীয়া চিনেমাৰ প্ৰতি এক টান দেখিবলৈ পোৱা গৈছে প্ৰত্যেক গৰাকী অসমীয়াৰ হৃদয়ত। কি সৰু, কি ডাঙৰ সকলোৰে মুখে মুখে এতিয়া অসমীয়া ছবিৰ গুণ-গান। তেনেক্ষেত্ৰতে, বৰ্তমান গুৱাহাটী স্থিত তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত উপস্থিত হৈছে দুজনী কণমানি দৰ্শক। তেওঁলোকৰ প্ৰিয় অসমীয়া চিনেমা। কাঞ্চনজংঘাকে ধৰি তেওঁলোকে চাইছে ৰীমা দাসৰ “বুলবুল কেন চিং”।

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱতো তেওঁলোকৰ অসমীয়া ছবি চোৱাৰ দূৰ্বাৰ হেঁপাহ। শুনোচোন আহক তেওঁলোকৰ মুখেৰেইঃ
যোৱা ৩১ অক্টোবৰ তাৰিখৰ পৰা আয়োজিত উক্ত মহোৎসৱখন চলিত মাহৰ ৬ তাৰিখলৈ অনুষ্ঠিত হ’ব। ৬৭ খন প্ৰায় ১০০ খনতকৈও অধিক ছবি প্ৰদৰ্শন কৰা হ’ব তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱখনত।
Add comment