অসমীয়া কৃষ্টি-সংস্কৃতিক এক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কৰিবলৈ অসমীয়া প্ৰায় শিল্পীয়ে চেষ্টা অব্যাহত ৰাখিছে। তেনে এক চেষ্টাৰে এইবাৰ মাজুলীস্থিত জেংৰাইমুখত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে “মাজুলী মিউজিক ফেষ্টিভেল” ৰ। চলিত মাহৰ ১৫ তাৰিখৰ পৰা ১৭ তাৰিখলৈ বৰলুইতৰ পাৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠান খনত উপস্থিত থাকিব বিভিন্ন দেশৰ বিভিন্নজন প্ৰতিষ্ঠিত শিল্পী লগতে বিভিন্নটা জনপ্ৰিয় বেণ্ড।

এই ফেষ্টিভেল খনক উদ্দেশ্যি তথা জনসাধাৰণক উক্ত ফেষ্টিভেল খনৰ বিষয়ে বহুল ৰূপত বুজাবলৈ ইতিমধ্যে এক প্ৰচাৰমুখী ভিডিঅ’ গীতৰো নিৰ্মাণ কৰা হৈছে। এই গীতটিত কন্ঠদান কৰিছে কিংশুক মৰাণে। আনহাতে, গীতটিত সংগীত দিছে বিভূতি গগৈয়ে লগতে ইয়াক লিখিছে ডিন চেংফা বৰুৱাই।
উল্লেখ্য যে, মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান কিংশুক মৰাণ হৈছে এগৰাকী সফল চাউণ্ড ডিজাইনাৰ; যিয়ে পোন প্ৰথমবাৰৰ বাবে কন্ঠদান কৰিছে উক্ত প্ৰচাৰমুখী সংগীতটোত।

“মাজুলী মিউজিক ফেষ্টিভেল” ৰ যোগেৰে নতুনত্বৰ সোৱাদ দিব বিচৰা হৈছে। “মিউজিক ফ’ৰ চেঞ্জ” শীৰ্ষক উদ্দেশ্যৰে অহা ১৫ তাৰিখৰ পৰা বৰলুইতৰ পাৰত মাজুলীত আৰম্ভ হ’ব “মাজুলী মিউজিক ফেষ্টিভেল”।
Add comment