Rupaliparda.com
"নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকাইছিল অমৃতাই"- ছেইফ আলি খানঃ 1

“নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকাইছিল অমৃতাই”- ছেইফ আলি খানঃ

ছেইফ আলি খান তথা অমৃতা সিঙৰ বিবাহ তথা বিবাহ বিচ্ছেদৰ প্ৰায় খবৰে সেইটো সময়ত বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল। য’ত অমৃতাই ছেইফ আলি খানৰ লগত থকা সম্পৰ্কৰ বিষয়ে খুলি কথা কোৱা নাছিল; তাতেই কিন্তু ছেইফে এই বিষয়ে খুলি কথা পতা দেখিবলৈ পোৱা গৈছিল।

"নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকাইছিল অমৃতাই"- ছেইফ আলি খানঃ 2


এনেক্ষেত্ৰতে, পুনৰ বাৰ ছেইফে নিজৰ পূৰ্বৰ পত্নী অমৃতাই তেওঁক অভিনয়ৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় কৰা বুলি মন্তব্য কৰে। ২০ বছৰ বয়সতে ছেইফ আলি খানে ঘৰৰ পৰা পলাই অমৃতাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ পৰিছিল আৰু তেতিয়া অমৃতাই এনে এগৰাকী ব্যক্তি আছিল যিয়ে ছেইফক গম্ভীৰতাৰে কাম কৰিবলৈ শিকাইছিল।

"নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকাইছিল অমৃতাই"- ছেইফ আলি খানঃ 3
"নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকাইছিল অমৃতাই"- ছেইফ আলি খানঃ 4


ইয়াৰ উপৰিও ছেইফে কয় যে, “অমৃতাই মোক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকাইছিল। “দিল চাহতা হে” ছবিখনত মোৰ চৰিত্ৰটো কেনেদৰে কৰিম সেই বিষয়ে মই বহুতৰ ওচৰলৈ গৈ মতামত ল’ব বিচাৰিছিলো কিন্তু অমৃতাই মোক নিজৰ কাম নিজৰ মতেই কৰিবলৈ কৈছিল। আৰু, সেইমতেই মই কৰিছিলো।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.