Rupaliparda.com
মাত্ৰ এটা দিনৰ পিছতেই আহি আছে "নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক"- 1

মাত্ৰ এটা দিনৰ পিছতেই আহি আছে “নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক”-

মাজত মাত্ৰ এটা দিন। আহি আছে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম ফেশ্বন ইভেন্ট “নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক” চমুকৈ (NEIFW) ৰ পঞ্চমটো সংস্কৰণ। অহা কালি অৰ্থাৎ ১০ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ খানাপাৰাস্থিত লিলি হোটেলত দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ অনুষ্ঠিত কৰা হ’ব ফেশ্বন উইকটোৰ বাবে অন্তিমটো গুৰুত্বপূৰ্ণ অ’ডিশ্বন।

মাত্ৰ এটা দিনৰ পিছতেই আহি আছে "নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক"- 2


সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই নিজৰ স্থিতি মজবুত কৰি ৰখা জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষৰ দ্বাৰা আয়োজিত এই ইভেন্টটোৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে প্ৰমো”। তলত চাওঁঁক এই প্ৰমো’-

মাত্ৰ এটা দিনৰ পিছতেই আহি আছে "নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক"- 3


যুৱপ্ৰজন্মকে আদি কৰি শিশু তথা বিবাহিত মহিলা লগতে ফেশ্বন ডিজাইনাৰ, জুৱেলাৰী ডিজাইনাৰ আৰু এক্সেচৰী ডিজাইনাৰেও নামভৰ্তি কৰিব পাৰিব নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইকত। সৱিশেষ জানিবলৈ আপোনালোকে ফোন অথবা মেছেজ কৰিব পাৰে ৯৭০৬০০১২২০ নম্বৰত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform