১৯৬৯ মুক্তিপ্ৰাপ্ত অসমীয়া প্ৰথমখন থ্ৰীলাৰ ছবি “ডক্তৰ বেজৰুৱা” ক প্ৰদৰ্শিত কৰা হ’ব ২০১৯ বৰ্ষৰ “ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া” গোৱাত। ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি নিৰ্মাতা তথা চলচিত্ৰ সমালোচক উৎপল বৰপূজাৰীয়ে এক টুইট যোগে এই কথা জানিবলৈ দিয়ে দৰ্শকক।
ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত তথা ৰংঘৰ চিনে প্ৰডাকছনৰ বেনাৰত নিৰ্মিত উক্ত ছবিখন অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ নায়কৰ চৰিত্ৰত ডেবিউ ছবি হোৱাৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী দ্বীপেন বৰুৱাইও “ডক্তৰ বেজবৰুৱা” ৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

অসমীয়া বাণিজ্যিক ছবিৰ ধাৰা মুকলি কৰা ছবি “ডক্তৰ বেজবৰুৱা” ই ১৯৭০ চনত লাভ কৰিছিল শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা । ছবিখনত থকা কিছু টুইষ্টে ছবিখন আৰু অধিক মনোগ্ৰাহী কৰি তুলিছিল। “ডক্তৰ বেজবৰুৱা” ৰ চৰিত্ৰটোক কেন্দ্ৰ কৰিয়ে ছবিখন ঘূৰি আছে। ডাক্তৰৰ বেশত অইন বদমাছ লোক “পৰম হাজৰিকা” ই ছদ্মৱেশ ধৰি বেয়া কামত লিপ্ত হয়। ইয়াৰ উপৰিও “ডক্তৰ বেজবৰুৱা” ত সংযোজিত কাহিনীভাগত ৰোমাঞ্চকৰ কিছু ঘটনাৰ সৈতে দৰ্শকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা হৈছে।

ছবিখনত অভিনয় কৰিছে ব্ৰজেন বৰুৱা, নিপন গোস্বামী, প্ৰতিভা ঠাকুৰ আৰু ৰেণু শইকীয়াই। ছবিখনত সংযোজিত প্ৰত্যেকটা গীতেই দৰ্শকৰ মনত আজিও বিৰাজমান।
Add comment