Rupaliparda.com
মঞ্চতেই এজন দৰ্শকৰ দূব্যৱহাৰঃ অলংকৃতাক হাতত ধৰি টানি ৰখাৰ চেষ্টা- 1

মঞ্চতেই এজন দৰ্শকৰ দূব্যৱহাৰঃ অলংকৃতাক হাতত ধৰি টানি ৰখাৰ চেষ্টা-

ৰূপাংকৃতা-অলংকৃতা; বৰ্তমান এওঁলোকৰ চিনাকী কোনো লোকক বিতংকৈ দিয়াৰ প্ৰয়োজন নাই। দুয়োগৰাকীৰ কন্ঠই বৰ্তমান আকৃষ্ট কৰিছে সাধাৰণজনক। দুই ভগ্নীৰ কন্ঠৰ লগতে তেওঁলোকৰ একে ধৰণৰ সাজপাৰেও দৰ্শকৰ সমাদৰ লাভ কৰিছে বুলি ক’লেও হয়টো বেছি কোৱা নহ’ব।

মঞ্চতেই এজন দৰ্শকৰ দূব্যৱহাৰঃ অলংকৃতাক হাতত ধৰি টানি ৰখাৰ চেষ্টা- 2


অসমৰ চুকে-কোণে প্ৰায় সকলো ঠাইতে মঞ্চত গীত পৰিৱেশন কৰি নিজৰ অনুৰাগীৰ তালিকা বৃদ্ধি কৰি পেলাইছে এই দুয়োগৰাকী কন্ঠশিল্পীয়ে। কিন্তু যোৱাকালি হেকৰাত ৰাস মহোৎসৱ উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত ঘটিল এক অঘটন। মঞ্চত গীত পৰিৱেশন কৰি থকা সময়ছোৱাতে কন্ঠশিল্পী অলংকৃতাক এজন দৰ্শকৰ দূব্যৱহাৰ। অনুৰাগীৰ মাজলৈ আহি যেতিয়া অলংকৃতাই নিজৰ গীত পৰিৱেশন কৰাৰ লগতে অনুৰাগীৰ লগত “হেণ্ডচেক” কৰি আছিল ঠিক তেনে সময়তে অলংকৃতাক এজন দৰ্শকে হাতত ধৰি টানি ৰাখিবলৈ চেষ্টা কৰে। চাওঁক এই ভিডিঅ’-


এনে অপ্ৰস্তুত এটা মূহুৰ্তৰ সন্মুখীন হৈও কিন্তু কন্ঠশিল্পী অলংকৃতাই নিজৰ গীত পৰিৱেশন কৰি গ’ল।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform