বিশ্ববিশ্ৰুত শিল্পী ভূপেন হাজৰিকাই সমাজৰ প্ৰত্যেকটো বিষয়ৰ পূংখানুপুংখ বিচাৰ কৰি গীত ৰচনা কৰাৰ লগতেই তেওঁ সমাজৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ ছবিও নিৰ্মাণ কৰিছে। তেওঁ দ্বাৰা নিৰ্মিত ছবি তথা গীত সমূহৰ চৰ্চা বিগত বহু বছৰৰ পৰাই কিতাপ-পত্ৰতেই হওঁক অথবা মুখে মুখে হ’লেও চলি আহিছে।

কিন্তু আজি আপোনালোকে চাওঁক ড° ভূপেন হাজৰিকাৰ সম্পাদনাত ওলোৱা এখন আলোচনী; নাম “বিন্দু”। আলোচনী খনৰ প্ৰথমটো সংস্কৰণ ওলাইছিল ১৯৭০ চনৰ এপ্ৰিল মাহত।

উক্ত আলোচনীত অসমীয়া সাংস্কৃতিক জগতৰ সৈতে জড়িত তথা কেইবাগৰাকী জনপ্ৰিয় গল্পকাৰ, উপন্যাসিকে “বিন্দু” ত নিজৰ লিখা দিছিলে। সেইকেইজন আছিল ক্ৰমেঃ লক্ষ্মীনাথ বেজবৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া, অন্নদাশংকৰ ৰায়, নিত্যা দত্ত, লক্ষহীৰা দাস, উপেন কাকতি, পবিত্ৰ কুমাৰ ডেকা, ডঃ ভেৰিয়াৰ এলুইন, নিৰোদ চৌধুৰী, ৰবীন্দ্ৰ সৰকাৰ আৰু সন্তোষ চৰকাৰ।

“বিন্দু” আলোচনীখনৰ মূল্য আছিল ৩০ পইচা।
Add comment