হস্তীৰ কন্যা খ্যাত প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনীৰে নিৰ্মিত ছবি “সোণাৰ বৰণ পাখি”। ববি শৰ্মা বৰুৱাৰ দ্বাৰা নিৰ্মিত এই ছবিখন কন্ঠশিল্পী গৰাকীৰ জীৱনৰ তিনিটা খণ্ডক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল।

গোৱালপৰীয়া, অসমীয়া, বঙালী আৰু ৰাজবংশী ভাষাত নিৰ্মিত এই ছবিখনত কন্ঠশিল্পী গৰাকীয়ে জীৱনত বিভিন্ন দিশত লাভ কৰা সংগ্ৰাম, বিভিন্ন ক্ষেত্ৰত লাভ কৰা কষ্ট আদিক বহুল ৰূপত উপস্থাপন কৰা হৈছিল ছবিখনত।
ছবিখনত অভিনয় প্ৰণামী বৰা, প্ৰাঞ্জল শইকীয়া, আৰতি বৰুৱা, কমল প্ৰিয়া, সুস্মিতা ৰয়, জগদীশ ডেকা, ধ্ৰুৱ জ্যোতি কুমাৰ আৰু নিলীম চেটিয়াই।
Add comment