Rupaliparda.com
৫০-৬০ দশকত কুৰিতকৈও অধিক ছবিত অভিনীত অভিনেত্ৰী "বীণা দাস মান্না"- 1

৫০-৬০ দশকত কুৰিতকৈও অধিক ছবিত অভিনীত অভিনেত্ৰী “বীণা দাস মান্না”-

সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত “কাৰাগাৰ” নাটকৰ জৰিয়তে অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰা বীণা দাস মান্নাই ফণী শৰ্মাৰ “ভোগজৰা” নাটকত ৰূপায়ন কৰা “ৰূপা পাগলী” ৰ চৰিত্ৰটো বৰ্তমানেও দৰ্শকে পাহৰিব পৰা নাই।


গুৱাহাটীত জন্ম গ্ৰহণ কৰা এই অভিনেত্ৰী গৰাকীয়ে ১৯৫২ চনত প্ৰথম অনাতাঁৰ নাটক “মণিৰাম দেৱান” ত অভিনয় কৰে। ইয়াৰ পিছতে তেওঁ অনাতাঁৰ কেন্দ্ৰত নিয়মীয়া অভিনেত্ৰী হিচাপে নিযুক্তি লাভ কৰে।

৫০-৬০ দশকত কুৰিতকৈও অধিক ছবিত অভিনীত অভিনেত্ৰী "বীণা দাস মান্না"- 2

বীনা দাস মান্নাই অভিনয় কৰা প্ৰথমখন অসমীয়া ছবি হৈছে সুনীল গাংগুলী পৰিচালিত “সতী বেউলা”। ইয়াৰ পিছতে তেওঁ “পিয়লি ফুকন”, “নতুন পৃথিৱী”, “চাকনৈয়া”, “ভক্ত প্ৰহ্লাদ”, “পুৱতি নিশাৰ সপোন”, “আমাৰ ঘৰ”, “লাচিত বৰফুকন”, “নৰকাসুৰ”, “ইটো সিটো বহুতো”, “মণিৰাম দেৱান”, “বিভ্ৰাট”, “হৃদয়ৰ প্ৰয়োজন”, “সন্তান”, “গঙা চিলনীৰ পাখি”, “মেঘমুক্তি”, “ৰজা হৰিশ্চন্দ্ৰ”, “যুগে যুগে সংগ্ৰাম”, “বহাগৰ দুপৰীয়া”, “পূজা”, “শকুন্তলা আৰু শংকৰ জোচেফ আলি”, “নিজৰা”, “অজলা ককাই”, “ভাই ভাই”, “ৰঙা নদী”, “কাজিৰঙাৰ কাহিনী”, “শ্ৰী মান মাইমন” আৰু “অ’ মোৰ মনে তৰা” আদি কেইবাখনো উল্লেখযোগ্য ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈ পৰে।


বীণাই ছবিসমূহত ৰূপায়ন কৰা প্ৰায় চৰিত্ৰয়েই হাস্যমধুৰ। দৰ্শকক হাঁহিবলৈ অৱকাশ দিয়ে তেওঁৰ চৰিত্ৰ সমূহে। ২০০৮ চনৰ ১৭ ডিচেম্বৰত তাৰিখে যোৰহাটত এই অভিনেত্ৰী গৰাকীক প্ৰদান কৰা হয় “আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা”।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.