Rupaliparda.com
"মোৰ এ.আৰ.ৰহমান সৈতে কাম কৰাৰ ইচ্ছা; মই ভাৱো তেওঁৰ পৰা মোৰ যথেষ্ট শিকিবলগীয়া আছে"- হৰজিৎ দাস 1

“মোৰ এ.আৰ.ৰহমান সৈতে কাম কৰাৰ ইচ্ছা; মই ভাৱো তেওঁৰ পৰা মোৰ যথেষ্ট শিকিবলগীয়া আছে”- হৰজিৎ দাস

সংগীত ক্ষেত্ৰখনত নিজৰ এক সুকীয়া চিনাকী দৰ্শকৰ মাজত দাঙি ধৰা ক্ষেত্ৰত কেইবাগৰাকীও অসমীয়াই অসমক গৌৰন্বাম্বিত কৰি তুলিছে। ইয়াৰ ভিতৰৰ এগৰাকী হৈছে কন্ঠশিল্পী ও মিউজিক প্ৰডি’উচাৰ আৰু এডিশ্বনেল মিউজিক প্ৰগ্ৰামাৰ হৰজিৎ দাসৰ নাম উল্লেখযোগ্য। ২ হাজাৰতকৈও অধিক সংগীত লগতে ১৫ খনতকৈও অধিক ছবি লগতে কেইবাখনো ওৱেব-চিৰিজত কৰ্মৰত হৈ থকা এইগৰাকী শিল্পী বৰ্তমান মুম্বাইত প্ৰতিষ্ঠিত।

"মোৰ এ.আৰ.ৰহমান সৈতে কাম কৰাৰ ইচ্ছা; মই ভাৱো তেওঁৰ পৰা মোৰ যথেষ্ট শিকিবলগীয়া আছে"- হৰজিৎ দাস 2


এই গৰাকী শিল্পীৰ বিষয়ে কিছু কথা আজিৰ ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আপোনালোকে জানিব পাৰিব। চাওঁচোন আহকঃ

প্ৰশ্নঃ আপুনি সংগীত ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত??

"মোৰ এ.আৰ.ৰহমান সৈতে কাম কৰাৰ ইচ্ছা; মই ভাৱো তেওঁৰ পৰা মোৰ যথেষ্ট শিকিবলগীয়া আছে"- হৰজিৎ দাস 3

হৰজিৎঃ মই সৰুৰে পৰা সংগীতৰ সৈতে জড়িত নাছিলো; মই মেট্ৰিক পাছ কৰাৰ পিছতহে সংগীত ক্ষেত্ৰখনত নামিছিলো। ২০০৯ চনত মই মেট্ৰিক দিছিলো আৰু তাৰ পিছৰ পৰাই মই গীত গোৱা আৰম্ভ কৰিছিলো। প্ৰথমতে, গীত সমূহত কন্ঠদান কৰিছিলো আৰু লাহে লাহে সংগীত পৰিচালনা বা প্ৰগ্ৰেমিঙৰ সৈতে ব্যস্ত হৈ পৰিলো।

প্ৰশ্নঃ বৰ্তমান আপুনি মুম্বাইত প্ৰতিষ্ঠিত;বহু কামো কৰিছে আপুনি তাত। জলীউড আৰু বলীউডৰ মাজত আপুনি দেখা পাৰ্থক্যটো জানিব বিচাৰিম।

"মোৰ এ.আৰ.ৰহমান সৈতে কাম কৰাৰ ইচ্ছা; মই ভাৱো তেওঁৰ পৰা মোৰ যথেষ্ট শিকিবলগীয়া আছে"- হৰজিৎ দাস 4

হৰজিৎঃ জলীউড আৰু বলীউডৰ মাজত পাৰ্থক্য এটাই আছে বুলি মই ভাবো। প্ৰত্যেকখন ঠাইৰেই নিৰ্দ্দিষ্ট কিছু কিছু সোঁৱাদ থাকে। ঠিক তেনেদৰে, আমি যেতিয়া এখন অসমীয়া ছবি কৰো তেতিয়া তাত অসমীয়া বাদ্য-যন্ত্ৰ অথবা থলুৱা কিছুমান বস্তু আমি দেখুৱাবলগীয়াত পৰো। এই বাদ্য-যন্ত্ৰবোৰ ভিন্ন ঠাইৰ ভিন্ন প্ৰকাৰৰ থাকে। যেনে; বাংলা গীতত আমি “বাউল” ৰ সোঁৱাদ ব্যৱহাৰ কৰিবলগীয়া হয় বা সেয়া কৰিলে ভাল লাগে।
কিন্তু, বলীউড ক্ষেত্ৰখন নিজৰ মাজতেই এটা “Zone” সদৃশ। বলীউডৰ গীতত আমি বিহুয়ো ব্যৱহাৰ কৰিব পাৰো, পঞ্জাৱী এটা গীতো ব্যৱহাৰ কৰিব পাৰো। অসমীয়াত কিন্তু এনেদৰে কৰিব নোৱাৰো; মোৰ মতে এইটোৱেই হৈছে এই দুয়োখন ক্ষেত্ৰৰ মাজৰ এটা পাৰ্থক্য।

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত কোন গৰাকী শিল্পীৰ সৈতে আপোনাৰ ভৱিষ্যতে কাম কৰাৰ বহুত ইচ্ছা??

"মোৰ এ.আৰ.ৰহমান সৈতে কাম কৰাৰ ইচ্ছা; মই ভাৱো তেওঁৰ পৰা মোৰ যথেষ্ট শিকিবলগীয়া আছে"- হৰজিৎ দাস 5

হৰজিৎঃ আছলতে, অসমৰ সংগীতক্ষেত্ৰৰ প্ৰায়বোৰ জনপ্ৰিয় শিল্পীৰ সৈতে মই কাম কৰিছো। বলীউডৰ সংগীত ক্ষেত্ৰখনৰো প্ৰায় শিল্পীৰ সৈতে মই কাম কৰিছো। কিন্তু, ভৱিষ্যতে কাম কৰাৰ ইচ্ছা বুলি যদি সোধা হয় তেন্তে মই এ.আৰ.ৰহমানৰ নাম ল’ম; কাৰণ মই ভাৱো মোৰ তেওঁৰ পৰা শিকিবলগীয়া যথেষ্ট খিনি আছে।

প্ৰশ্নঃ গুৱাহাটীত অনুষ্ঠিত হ’ব ৬৫ তম ফিল্মফেয়াৰ এৱাৰ্ড;আপুনি গম পাইছে হয়টো। আপুনি কি ভাৱে?? অসমৰ বাবে ই ধনাত্মক বাৰ্তা কঢ়িয়াবনে?

"মোৰ এ.আৰ.ৰহমান সৈতে কাম কৰাৰ ইচ্ছা; মই ভাৱো তেওঁৰ পৰা মোৰ যথেষ্ট শিকিবলগীয়া আছে"- হৰজিৎ দাস 6

হৰজিৎঃ ৬৫ তম ফিল্মফেয়াৰ এৱাৰ্ড অসমত অনুষ্ঠিত হোৱাটো অসমৰ প্ৰত্যেকজন জনসাধাৰণৰ বাবেই ই সু-খবৰ। এৱাৰ্ডৰ যিমানখিনি খবৰ আহিব; সেইখিনি এই কেইদিন ৰাষ্ট্ৰীয় হয়তো আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো প্ৰচাৰিত হ’ব। বাতৰি চোৱা প্ৰত্যেকজনে অসম খন কেনেকুৱা হয়তো বুজি উঠিব; আমাৰ অসম কিমান বেছি সুন্দৰ সেয়াও সকলোৱে দেখিব। গতিকে, ইয়াৰ পিছত অসমলৈ পৰ্যটক আহিব আৰু এনেকৈয়ে ই অসমলৈ ধনাত্মক বাৰ্তা কঢ়িয়াব।

প্ৰশ্নঃ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম

হৰজিৎঃ আগন্তুক প্ৰজেক্ট বুলিলে মোৰ দুখনকৈ অসমীয়া ছবি আহি আছে; য’ত মই সংগীত পৰিচালক হিচাপে কাম কৰিম। কিন্তু, ছবি দুখনৰ নাম এতিয়াই মই ক’ব নোৱাৰিম।
বাকী, হিন্দীৰ ক্ষেত্ৰত মোৰ ওৱেব চিৰিজ আছে। Zee5 ত প্ৰচাৰ হ’বলগীয়া “ডা ফাইনেল ক’ল ২”; ইয়াত মই প্ৰগামাৰ হিচাপে থাকিম। অহা মাহ মানৰ পৰা হয়তো ইয়াৰ কাম আৰম্ভ হ’ব। ওৱেব চিৰিজ খনৰ প্ৰথমটো সংস্কৰণটো মই কাম কৰিছিলো।

"মোৰ এ.আৰ.ৰহমান সৈতে কাম কৰাৰ ইচ্ছা; মই ভাৱো তেওঁৰ পৰা মোৰ যথেষ্ট শিকিবলগীয়া আছে"- হৰজিৎ দাস 7

…… ধন্যবাদ হৰজিৎ দা। আপোনাৰ মূল্যৱান সময়ৰ অকণমান আমাক দিয়া বাবে।

হৰজিৎঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform