Rupaliparda.com
"পঢ়া-শুনাক লৈ কোনো বুজাবুজি নকৰে ইব্ৰাহিমে"- সাৰা আলি খান 1

“পঢ়া-শুনাক লৈ কোনো বুজাবুজি নকৰে ইব্ৰাহিমে”- সাৰা আলি খান

অভিনেতা ছেইফ আলি খানৰ পুত্ৰ ইব্ৰাহিম আলি অভিনয় জগতত খোজ দিয়াৰ পূৰ্বেই তেওঁ জনপ্ৰিয় হৈ উঠিছে নৱ প্ৰজন্মৰ মাজত। বহু অনুৰাগীয়ে তেওঁক বলীউড ছবিত দেখাৰ ইচ্ছা প্ৰকাশ কৰিছে। এক সাক্ষাৎকাৰ যোগে সাৰাক তেওঁৰ ভাতৃৰ অভিনয়ৰ বিষয়ে সোধাত তেওঁ নিজৰ ভাতৃয়ে পঢ়া-শুনাত মন দি থকা বুলি মত ব্যক্ত কৰে।

https://www.instagram.com/p/B6297JvJZ4P/?utm_source=ig_web_copy_link
"পঢ়া-শুনাক লৈ কোনো বুজাবুজি নকৰে ইব্ৰাহিমে"- সাৰা আলি খান 2


ইয়াৰ লগতে ইব্ৰাহিমৰ বিষয়ে সাৰাই কয় যে, “সপোন আৰু সঁচা ভিন্ন। তেওঁ বহুত ভাল অভিনেতা হোৱাৰ লগতে তেওঁ ভালকৈ খেলিবও জানে। কিন্তু বৰ্তমান তেওঁ নিজৰ পঢ়া-শুনা সম্পূৰ্ণ কৰক; ইয়াৰ লগত কোনো ধৰণৰ বুজা-বুজি নাই। ইয়াৰ পিছত তেওঁৰ যি ইচ্ছা কৰিব পাৰে।”

Add comment

Leave a Reply

Most popular