Rupaliparda.com
ড° ভূপেন হাজৰিকাৰ অন্যতম সৃষ্টি "প্ৰতিধ্বনি"- 1

ড° ভূপেন হাজৰিকাৰ অন্যতম সৃষ্টি “প্ৰতিধ্বনি”-

খাচী লোকগাঁঠাৰ ভেঁটিত নিৰ্মিত এখন অসমীয়া ছবি হৈছে “প্ৰতিধ্বনি”। সংগীতেৰে পৰিপূৰ্ণ এই ছবিখনৰ পৰিচালনা,প্ৰযোজনা লগতে সংগীত আছিল ড° ভূপেন হাজৰিকাৰ। খাচী ভাষাৰ “KAA SWA RAATI” নামত “প্ৰতিধ্বনি” ছবিখনক ডাব কৰি বাণিজ্যিকভাবে ছবিখন মুকলি কৰি দিয়া হৈছিল।

ড° ভূপেন হাজৰিকাৰ অন্যতম সৃষ্টি "প্ৰতিধ্বনি"- 2
ড° ভূপেন হাজৰিকাৰ অন্যতম সৃষ্টি "প্ৰতিধ্বনি"- 3


খাচী পাহাৰৰ এটা জনপ্ৰিয় লোকগাঁঠাৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে “প্ৰতিধ্বনি” ৰ কাহিনীভাগ। খাচী সকলৰ ৰাণীয়ে এজন সাধাৰণ ঘাতমাউৰা যুৱকক ভাল পোৱাৰ পৰিণতিত দুই গৰাকী কেনেদৰে নিঃশেষ হৈ যাবলগীয়া হয় তাকেই দেখুওৱা হৈছে এই ছবিখনত।

ড° ভূপেন হাজৰিকাৰ অন্যতম সৃষ্টি "প্ৰতিধ্বনি"- 4


১২ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰূপৰ পদক লাভ কৰাৰ উপৰিও ছবিখনে সেইটো সময়ৰ শ্ৰেষ্ঠ ১০০ খন ভাৰতীয় চিনেমাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। “প্ৰতিধ্বনি” ছবিখনত অভিনয় কৰিছে পবিত্ৰ বৰকটকী, ইভা আচাও, বিষ্ণু ৰাভা, ফণী শৰ্মা, কৃষ্ণ দাস, কমল চৌধুৰী, মঘাই ওজা, বিদ্যা ৰাও আৰু স্বাগতা চক্ৰৱৰ্তীয়ে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.