“বিগ বছ ১৩” ৰ টপ ১৩ ৰ ভিতৰত আটাইতকৈ অধিক জনপ্ৰিয় হৈ উঠা এগৰাকী প্ৰতিযোগী হৈছে পঞ্জাৱৰ কন্ঠশিল্পী শ্বেহনাজ গিল। উক্ত ৰিয়েলিটী শ্ব’টোৱে তেওঁক যথেষ্ট সন্মান দিয়াৰ উপৰিও ৰাষ্ট্ৰীয় ক্ষেত্ৰতো তেওঁক অধিক জনপ্ৰিয় কৰি তুলিছে।উল্লেখ্য যে, “বিগ বছ” ৰ পিছতেই আকৌ এবাৰ শ্বেহনাজক এক নতুন ৰিয়েলিটী শ্ব’ ত দেখিবলৈ পোৱা যাব।



ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সংবাদ মাধ্যম অনুসৰি, ৰাখী সাৱন্ত, ৰাহুল মহাজন আৰু ৰতন সিং ৰাজপুতৰ দৰেই শ্বেহনাজৰ আহিবলগীয়া ৰিয়েলিটী শ্ব’টোত তেওঁ নিজৰ বাবে দৰা বিচাৰিব আৰু তেওঁৰ এই শ্ব’টোৰ নাম হ’ব “শ্বেহনাজ গিল কি শাদী”।
1 comment