Rupaliparda.com
"ৰঙাকৈ ওঁঠেৰে" ৰ সৈতে ৰঙ সানিব এইবাৰ মন্টুমণিয়েঃ 1

“ৰঙাকৈ ওঁঠেৰে” ৰ সৈতে ৰঙ সানিব এইবাৰ মন্টুমণিয়েঃ

যোৰহাটৰ এজন যুৱক; বৰ্তমান যোৰহাটৰে নহয় সমগ্ৰ অসমৰে জনপ্ৰিয় এগৰাকী কন্ঠশিল্পী। “পাহি” এলবামটিৰ সৈতে ৰাইজৰ সমুখলৈ অহা এইগৰাকী শিল্পীয়ে পিছলৈ “জাপে দিম দিচাং ত” শীৰ্ষক গীতটিৰ জৰিয়তে দৰ্শকৰ হৃদয়ত বাস কৰিবলৈ সক্ষম হৈ পৰিছিল। বৰ্তমান সময়ত মন্টুমণি শইকীয়াৰ অনুৰাগীৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া।

View this post on Instagram

#comingsoon #montumoni's Rongakoi uthere

A post shared by Suumkii Saikia (@suumkii_saikia) on


প্ৰত্যেক বছৰে মুক্তিপ্ৰাপ্ত তেওঁৰ গীতৰ জনপ্ৰিয়তা আপোনালোকক নক’লেও হয়টো আপোনালোকে বুজিব। আকৌ এবাৰ এক বিহুসুৰীয়া গীতৰ প্ৰস্তুতিৰে আগবাঢ়িছে কন্ঠশিল্পী মন্টুমণি শইকীয়া। কিছুদিন পূৰ্বে “গগণা ২০২০” ত অন্তৰ্ভূক্ত গীত “গহণা” য়ে ইতিমধ্যে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, উক্ত এলবামটোৰে অন্তৰ্ভূক্ত আন এটি গীত “ৰঙাকৈ ওঁঠেৰে” ক অতি সোনকালেই অনুৰাগীৰ মাজলৈ আনিব কন্ঠশিল্পী গৰাকীয়ে।

"ৰঙাকৈ ওঁঠেৰে" ৰ সৈতে ৰঙ সানিব এইবাৰ মন্টুমণিয়েঃ 2


উল্লেখ্য যে,”ৰঙাকৈ ওঁঠেৰে” শীৰ্ষক গীতটিৰ কথা শোণিত গগৈ আৰু ইয়াত সংগীত পলাশ গগৈৰ। লগতে, ইয়াত সুৰ দিছে মন্টুমণিয়ে নিজেই। ইয়াৰ উপৰিও গীতটিৰ ভিডিঅ’ ত অভিনয় কৰা দেখিবলৈ পোৱা যাব দৰ্শকৰ মাজত জনপ্ৰিয় বাইলুং অৰ্থাৎ চুমকি শইকীয়াক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform