Rupaliparda.com

মুক্তি পূৰ্বেই ৰাইজৰ ৰোষত ছলমানৰ ছবি “ডবংগ ৩”-

ছলমান খানৰ আগন্তুক ছবি “ডবংগ ৩” ত অন্তৰ্ভূক্ত গীত “হুড় হুড় ডবংগ” ৰ মুক্তিৰ পিছতেই গীতটি ৰোষত পৰিছে এতিয়া হিন্দু সমাজৰ। ছবিখনক লৈ টুইটাৰত য’ত এফালে #BoycottDabangg3 ৰ ট্ৰেণ্ড চলিছে তাত আকৌ আনফালে #AwaitingDabangg3 ৰ ট্ৰেণ্ডে মূৰ ডাঙি উঠিছে।


আছলতে, উক্ত গীতটিত কিছু সাধু-সন্যাসীৰ সৈতে ছলমানে নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছিল তাক লৈ হিন্দু জনজাগৃতি সমাজে আপত্তি দৰ্শাই আৰু চেন্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনকো ছলমান খানৰ এই ছবিখনক চাৰ্টিফিকেট দিবলৈ বাধা দিয়ে। ইয়াৰ সমান্তৰালকৈ টুইটাৰতো ছবিখনক লৈ #BoycottDabangg3 ট্ৰেণ্ডৰ আৰম্ভ হয়।


তাৰ পিছতেই ছলমানৰ বিৰুদ্ধে হোৱা এই ট্ৰেণ্ডক ৰখিবলৈ #AwaitingDabangg3 ৰ আৱিষ্কাৰ কৰে।

https://twitter.com/being_ayush_/status/1200293834845851648

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.