দৰ্শকৰ বহুল সমাদৰ লাভ কৰা “কাঞ্চন” ধাৰাবাহিকখনৰ এটা আকৰ্ষণীয় যুঁটি আছিল বৰষা ৰাণী বিষয়া আৰু জয় কাশ্যপৰ। উক্ত যুঁটিটোৱে টেলিভিছন জগতত দৰ্শকৰ হৃদয় জয় কৰাৰ পিছতেই এতিয়া পুনৰ বাৰ এটি গীতৰ যোগেৰে দৰ্শকৰ কাষ চাপিবলৈ সাজু হৈ উঠিছে।


“পাখি মেলি” শীৰ্ষক গীতটিত দেখিবলৈ পোৱা যাব বৰষা ৰাণী বিষয়া তথা জয় কাশ্যপক। কুলদ্বীপ চৌধুৰীৰ কথাৰে তথা অনুভৱ দত্তৰ কন্ঠৰে আহিবলগীয়া এই গীতটিৰ ইতিমধ্যে মুকলি কৰা হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ। গীতটিত সংগীত দিছে পলাশ সূৰ্য্য গগৈয়ে।
Add comment