ৰূপাংকৃতা-অলংকৃতাৰ কন্ঠত মুক্তি পালে এটি নতুন গীত “বাবৰি-বাবৰি”। যোৱা কিছুদিনৰ পৰাই দৰ্শকক বিভিন্ন পোষ্টেৰে উৎসাহী কৰি ৰখা “ওৱণ্ডাৰ চিষ্টাৰচ”-এ অৱশেষত মুকলি কৰিলে তেওঁলোকৰ কন্ঠত আধুনিক অসমীয়া গীতটি। মুক্তিৰ পিছতেই উক্ত গীতটিয়ে লাভ কৰিছে দৰ্শকৰ সমাদৰ। মুক্তিৰ কিছুসময় পিছতেই গীতটি উপভোগ কৰিছে প্ৰায় ১০ হাজাৰ দৰ্শকে।

গীতটিৰ ভিডিঅ’টোত দুই ভগ্নীৰ সৈতে অভিনয় কৰিছে অভিনেতা কিশোৰ কুমাৰ দাস আৰু নিৰোপম শইকীয়াই। “বাবৰি বাবৰি” লিখাৰ লগতে ইয়াত সুৰ দিছে ৰমেন দানাহে আৰু ইয়াত সংগীত পুলক নাথৰ।
Add comment