Rupaliparda.com
"ডাঙৰ ও প্ৰতিভাৱান পৰিচালক মোক নিজৰ ছবিত নলয়"- অক্ষয় কুমাৰ 1

“ডাঙৰ ও প্ৰতিভাৱান পৰিচালক মোক নিজৰ ছবিত নলয়”- অক্ষয় কুমাৰ

অক্ষয় কুমাৰক প্ৰায়ে ন-ন পৰিচালকৰ সৈতে কাম কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ আঁৰৰ সত্যটো অভিনেতা গৰাকীয়ে তেওঁৰ আগন্তুক ছবি “গুড ন্যুজ” ৰ এক কাৰ্যক্ৰমত মিডিয়াৰ আগত ব্যক্ত কৰে। ডাঙৰ তথা এইটো ক্ষেত্ৰত প্ৰতিভাৱান পৰিচালক সমূহে অক্ষয়ক ছবিত নলয় বুলি মত পোষণ কৰে অভিনেতা গৰাকীয়ে।

"ডাঙৰ ও প্ৰতিভাৱান পৰিচালক মোক নিজৰ ছবিত নলয়"- অক্ষয় কুমাৰ 2


আগলৈ তেওঁ কয় যে “যেতিয়া এনেকুৱা পৰিচালক সমূহে আমাক তেওঁলোকৰ ছবিত নলয় তেতিয়া আমি নিজৰ ৰাষ্টা নিজেই বনাবলগীয়া হয়। আপুনি যদি ডাঙৰ প্লাবিকেচনত চাকৰি নাপায় তেতিয়া আপুনি সৰু প্লাবিকেচনত বহিয়েটো দীঘল জাপ মাৰে। ঠিক তেনেদৰেই আমিও ঘৰত এইটো ভাবি বহিব নোৱাৰো যে আমি ইমান বা আমাৰ ইমান যোগ্যতা থকা পিছতো কিয় ডাঙৰ পৰিচালক সমূহে ছবিত নলয়।”

"ডাঙৰ ও প্ৰতিভাৱান পৰিচালক মোক নিজৰ ছবিত নলয়"- অক্ষয় কুমাৰ 3


ছলমান,শ্বাহৰুখ আৰু আমিৰ খানকেই কিয় এনে নিৰ্দেশক সকলে নিজৰ ছবিত লয় বুলি সাংবাদিকৰ প্ৰশ্নত আকৌ অভিনেতা গৰাকীয়ে কয় যে “নিৰ্দেশক সকল এনে শিল্পীৰ ওচৰতে যায় যি সকল চৰিত্ৰটো ৰূপায়ন কৰাত সামৰ্থৱান; ইয়াত কেৱল খান,কাপুৰেই নাথাকে অইন অভিনেতাও থাকে। কিন্তু মই চাগে ইয়াৰ যোগ্য নাছিলো সেইবাবে তেওঁলোকে মোক ন’ললে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.