Rupaliparda.com
জুবিন-অংগৰাগৰ অভিনয়েৰে ২০১৪ চনত মুক্তিপ্ৰাপ্ত "ৰ'দৰ চিঠি"- 1

জুবিন-অংগৰাগৰ অভিনয়েৰে ২০১৪ চনত মুক্তিপ্ৰাপ্ত “ৰ’দৰ চিঠি”-

২০১৪ চনৰ ৭ নৱেম্বৰ তাৰিখে মুক্তিপ্ৰাপ্ত “ৰ’দৰ চিঠি” হৈছে এখন জনপ্ৰিয় অসমীয়া ছবি; য’ত শিল্পী জগতৰ একাংশ গণ্য-মান্য ব্যক্তি ক্ৰমে আদিল হুচেইন, জুবিন গাৰ্গ, অংগৰাগ মহন্ত আৰু ভাগিৰথীয়ে একেলগে অভিনয় কৰে।

জুবিন-অংগৰাগৰ অভিনয়েৰে ২০১৪ চনত মুক্তিপ্ৰাপ্ত "ৰ'দৰ চিঠি"- 2


বাহাৰুল ইছলামৰ দ্বাৰা পৰিচালিত এই ছবিখন “সীমাৰ সিপাৰে” নাটকখনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। ছবিখন ইংৰাজী চাব টাইটল “স্কেয়াৰ ক্ৰ” নামেৰে মুক্তি দিয়া হয়। ছবিখনত এজন বিজ্ঞানীয়ে মৃত্যুৰ পিছত নিজৰ শৰীৰৰ বিভিন্ন অংগ সমূহ দান দি দিয়ে আৰু তেওঁৰ এই কথাখিনিক লৈয়ে ঘূৰে ছবিখনৰ কাহিনীভাগ।

জুবিন-অংগৰাগৰ অভিনয়েৰে ২০১৪ চনত মুক্তিপ্ৰাপ্ত "ৰ'দৰ চিঠি"- 3


“ৰ’দৰ চিঠি” ত অসমীয়া- মুছলমানৰ কিছু বিবাদৰ চিত্ৰও দেখিবলৈ পোৱা গৈছে। উক্ত “বিজ্ঞানী” চৰিত্ৰটো ৰূপায়ন কৰে অংগৰাগে আৰু অংগৰাগৰ পুত্ৰৰ চৰিত্ৰ ৰূপায়ন কৰে জুবিন গাৰ্গে।

জুবিন-অংগৰাগৰ অভিনয়েৰে ২০১৪ চনত মুক্তিপ্ৰাপ্ত "ৰ'দৰ চিঠি"- 4
জুবিন-অংগৰাগৰ অভিনয়েৰে ২০১৪ চনত মুক্তিপ্ৰাপ্ত "ৰ'দৰ চিঠি"- 5


ছবিখনৰ প্ৰত্যেকটা গীতেই সুন্দৰ অৰ্থাৎ মনপৰশা। সংগীত পৰিচালনাৰ দায়িত্বত থাকে জুবিন গাৰ্গ। ছবিখনৰ অইন কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে জ্যোতি নাৰায়ণ নাথ, ননী বৰপূজাৰী, বৰষা বাহাৰ, কিছমত বানো, ফেইৰীপ্ৰিয়া আৰু শশাংক সমীৰে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.