জনপ্ৰিয় শিল্পী জৰ্জ বেকাৰ আৰু “চামেলী মেমচাব” ত অভিনীত বিনীতা বৰগোঁহাই তথা হৃষিকেশ গোস্বামীৰ উপস্থিতিত কলকাতাস্থিত “Assam House” ত বিশ্ৰবিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাক কেন্দ্ৰ কৰি নিৰ্মিত কিতাপ “Bhupen Hazarika- volume 1” ৰ শুভ উন্মোচন কৰা হয়।

উৎপল মেনাৰ লগতে ভৈৰৱানন বৰাৰ দ্বাৰা উক্ত কিতাপখনত সন্নিৱিষ্ট নিবন্ধ সমূহ পূংখানুপুংখ বিচাৰ কৰা হয়। উন্মোচনী অনুষ্ঠানত উপস্থিত হৈ হৃষিকেশ গোস্বামীয়ে ড° ভূপেন হাজৰিকাৰ মানৱীয়তা, ভাতৃত্ববোধকে ধৰি বিভিন্ন ভাষা-সংস্কৃতিৰ ওপৰত কৰা সৃষ্টিক প্ৰশংসা কৰাৰ উপৰিও শিল্পীগৰাকীক লগ পোৱা সময়ছোৱাৰো বিভিন্ন স্মৃতি ৰোমন্থন কৰে গোস্বামীয়ে।

ইয়াৰ লগতে, অভিনেতা জৰ্জ বেকাৰেও অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যকে ধৰি সংস্কৃতিৰ প্ৰশংসা কৰি কয় যে “মোক অসমৰ প্ৰত্যেকজন জনসাধাৰণে মৰম কৰে; আৰু এয়া যদি সম্ভৱ হৈছিল কেৱল মাত্ৰ ড° ভূপেন হাজৰিকাৰ প্ৰতিহে”।
Add comment