Rupaliparda.com
"এংগগেজ" কন্ঠশিল্পী ৰাকেশ ৰিয়ানঃ 1

“এংগগেজ” কন্ঠশিল্পী ৰাকেশ ৰিয়ানঃ

হোঁমৰ গুৰিত বহিবলৈ সাজু কন্ঠশিল্পী ৰাকেশ ৰিয়ান। কিছুদিন পূৰ্বে ঘনিষ্ঠ বন্ধু ভৃগু কাশ্যপে চচিয়েল মিডিয়া যোগে ৰাকেশ ৰিয়ানৰ বিবাহৰ আগজাননী দৰ্শকক দি বিভিন্ন ফটো পোষ্ট কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু, আজি ৰাকেশ ৰিয়ানে নিজেই তেওঁৰ “এংগেজমেন্ট” ৰ ফটো দৰ্শকৰ মাজত আপলোড কৰে।

https://www.instagram.com/p/B5oka8tBdXr/?utm_source=ig_web_copy_link
"এংগগেজ" কন্ঠশিল্পী ৰাকেশ ৰিয়ানঃ 2


ফটো সমূহ আপলোডৰ পিছতেই তাত অনুৰাগীৰ কমেন্টৰ ভিৰ দেখিবলৈ পোৱা গৈছে। কন্ঠশিল্পী গৰাকীৰ জীৱনৰ দ্বিতীয়টো ইনিংছক লৈ তেওঁৰ অনুৰাগী সকলো এতিয়া উৎসাহিত হৈ পৰিছে। উল্লেখ্য যে, ৰাকেশ ৰিয়ানৰ “বাজাজ স্কুটাৰ” ৰ মুক্তিৰ পিছতেই কন্ঠশিল্পী গৰাকী এতিয়া আগবাঢ়িছে তেওঁৰ জীৱনৰ দ্বিতীয়টো সফলতাৰ পিনে।

Add comment

Leave a Reply