আকৌ এবাৰ জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউপোষ্ট” লৈ নিশিতা গোস্বামী। হাস্যৰস তথা দৰ্শকক আমোদ প্ৰদান কৰা এই ধাৰাবাহিকখনত কিছুদিন পূৰ্বেই আগমন ঘটিছিল অভিনেত্ৰী গৰাকীৰ। ধাৰাবাহিক খনত নিশিতাক দেখিবলৈ পায় দৰ্শকেও যথেষ্ট আমোদ লাভ কৰিছিল।

এনেক্ষেত্ৰত, পুনৰ এবাৰ দৰ্শকক আৰু অধিক হাঁহিৰ অৱসাদ দিবলৈ ঘূৰি আহিছে নিশিতা গোস্বামী। উল্লেখ্য যে, যোৱা অক্টোবৰ মাহত মুক্তিপ্ৰাপ্ত নিশিতা গোস্বামী অভিনীত ছবি “ৰত্নাকৰ”-এ বস্ক অফিচত বৃহৎ হাৰত সফলতা লাভ কৰাৰ লগতে অসমীয়া ছবিৰ এক ন-ধাৰা সৃষ্টিটো সফল হৈছিল।
Add comment