Rupaliparda.com
কিয়াৰা-ভূমি-বৰুণৰ হ'ব নতুন ফেমিলীঃ পৰিচালক শশাংকৰ পৰিকল্পনা- 1

কিয়াৰা-ভূমি-বৰুণৰ হ’ব নতুন ফেমিলীঃ পৰিচালক শশাংকৰ পৰিকল্পনা-

“হাম্পটি শৰ্মা কি দুলহানিয়া”, “বদ্ৰীনাথ কি দুলহানিয়া” লগতে “ধড়ক” ছবিখনৰ নিৰ্দেশক শশাংক খেতান বৰ্তমান তেওঁৰ আহিবলগীয়া ছবিৰ প্ৰস্তুতিৰ সৈতে জড়িত হৈ পৰিছে। পৰিচালক গৰাকীৰ ছবিৰ নাম বৰ্তমানলৈ নিৰ্দ্ধাৰণ কৰা হোৱা নাই যদিও ছবিখনত কোন কোন তাৰকা থাকিব তাৰ খবৰ বৰ্তমান দৰ্শকে পাবলৈ সক্ষম হৈছে। কৰণ জহৰৰ ধৰ্মা প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত এই ছবিখন এখন “ফেমিলী ড্ৰামা” কাহিনীৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে।

কিয়াৰা-ভূমি-বৰুণৰ হ'ব নতুন ফেমিলীঃ পৰিচালক শশাংকৰ পৰিকল্পনা- 2


ছবিখনত কিয়াৰা আডৱানীৰ সৈতে বৰুণ ধৱন আৰু ভূমি পেডনেকাৰক এই ছবিখনত দেখিবলৈ পোৱা যাব। পৰিচালক শশাংকই বৰুণৰ সৈতে পুনৰ বাৰ আলিয়া ভাটৰ যুঁটিটো আনিব বিচাৰিছিল যদিও আলিয়াৰ ব্যস্ততাৰ বাবে তেওঁ অইন অভিনেত্ৰীক ল’বলগীয়া হ’ল।

কিয়াৰা-ভূমি-বৰুণৰ হ'ব নতুন ফেমিলীঃ পৰিচালক শশাংকৰ পৰিকল্পনা- 3


উক্ত ছবিখন ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈ প্ৰায় ৩ মাহৰ অন্তত সম্পূৰ্ণ কৰা হ’ব।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.